বিশ্বায়নৰ দিশেৰে আগবাঢ়িছে ভাৰত

Untitled

জয়পুৰৰ প্ৰত্ৰিকা গেট আৰু প্ৰত্ৰিকা গ্ৰুপৰ অধ্যক্ষ গুলাব কোঠাৰীৰ দুখন গ্ৰন্থ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰি সংবাদ মাধ্যমৰ সন্দৰ্ভত কয় যে ভাৰতীয় সংবাদ মাধ্যমৰ বিশ্বায়নৰ প্ৰয়োজনীয়তা আছে ৷

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় “আমাৰ বাতৰিকাকত আৰু আলোচনীসমূহৰ বিশ্বত এক বিশেষ স্থান আছে  ৷ আমি ডিজিটেলভাৱে সমগ্ৰ বিশ্বত বিয়পি পৰিছো । ইণ্ডিয়ান ইনষ্টিটিউটে বিশ্বৰ বিভিন্ন প্ৰান্তত শৈক্ষিক পুৰস্কাৰ প্ৰদান কৰিছে ৷”

লগতে ক’ভিড-১৯ মহামাৰীৰ সময়ত দেশবাসীৰ মাজত মহামাৰীৰ বিৰুদ্ধে ল’ব লগা সজাগতাত সংবাদমাধ্যমৰ অৰিহনাৰ সন্দৰ্ভত মন্তব্য কৰে মোদীয়ে ৷ সংবাদমাধ্যমে সকলো ক্ষেত্ৰতে সমালোচনা কৰে ৷ কিন্তু সকলোৱে এই সমালোচনাৰ পৰা শিকিবলগীয়া আছে ।

লগতে মোদীয়ে প্ৰসংগক্ৰমে স্বচ্ছ ভাৰত অভিযান, উজ্জ্বলা আঁচনি, কৰ’না ভাইৰাছৰ সজাগতা, আত্মনিৰ্ভৰশীল ভাৰত আদি পদক্ষেপত সংবাদ মাধ্যমৰ প্ৰভাৱৰ কথাও উল্লেখ কৰে । ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰত্যেকৰ ঘৰতে সৰুকৈ হ’লেও পুথিভঁৰাল গঢ়ি তুলিবলৈ আহ্বান কৰে।

লগতে পৰিয়ালৰ প্ৰত্যেকজন মানুহকেই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈও আহ্বান কৰে । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীৰ লগতে ভাৰ্ছুৱেল অনুষ্ঠানটোত ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰা আৰু মুখ্যমন্ত্ৰী আশোক গেহলটে অংশগ্ৰহণ কৰিছিল।

Exit mobile version