শুদাগাৰে বৰফৰ মাজত আঢ়ৈ ঘণ্টা সোমাই থাকিল অষ্ট্ৰিয়াৰ জোছেফে

6030

আমি সকলোৱে জানো যে শৰীৰৰ কোনো অংশত কেই ছেকেণ্ডমান বৰফ লাগি থাকিলেই সেই অংশটোৱে চেতনা হেৰুৱাই পেলায়; কিন্তু অষ্ট্ৰিয়াৰ এজন লোকে মানুহৰ এনে ধাৰণাক ভাঙি দিবলৈ সক্ষম হৈছে । সাধাৰণ মানুহে কল্পনা কৰিব নোৱাৰা কাম কৰি সকলোকে আশ্চৰ্যচকিত কৰি তোলা এই লোকজনৰ নাম জোছেফ কোৱেৰ্বাল । জোছেফে বৰফ তথা শীতল পানীৰ তলত কে’বাবাৰো সাঁতোৰি নিদৰ্শন সৃষ্টি কৰিছে ।

শেহতীয়াকৈ তেওঁ দুই ঘণ্টা ৩০মিনিট ৫৭ছেকেণ্ড শুদা গাৰে বৰফৰ মাজত সময় পাৰ কৰে । জোছেফে বৰফৰ মাজত থকাৰ বহুকেইখন ছবি তথা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ‘ভাইৰেল’ হৈ পৰিছে । এটি কাচৰ স্বচ্ছ বাকচত জোছেফে থিয় হোৱাৰ পাছত বাকচটোৰ ভিতৰত জোছেফৰ চাৰিওফালে বৰফৰ টুকুৰা ঢালি দিয়া হয় ।

জোছেফৰ ডিঙিৰ পৰা মূৰটোহে বৰফৰ ওপৰত ওলাই থাকে । বাকী অংশ বৰফৰ মাজতে ডুব গৈ থাকে । এনেদৰেই বৰফৰ মাজত জোছেফে আঢ়ৈ ঘণ্টা ধৰি থাকে । এই খ্যাতিৰ বাবে জোছেফে বাছি লয় অষ্ট্ৰেলিয়াৰ মেল্ক নামৰ সৰু চহৰখনক । জোছেফৰ এই অদ্ভুত কাম চাবলৈ চহৰখনত বহু লোকৰ সমাগম হয় । অহা বছৰলৈ পুনৰ চলিত বৰ্ষৰ অভিলেখ ভাঙিবলৈ চেষ্টা কৰিব বুলি জোছেফে সদৰী কৰে ।

Exit mobile version