শ্ৰমিকসকলৰ কাৰণে এক বিশেষ ৰেলৰ ব্যৱস্থা বিচাৰি ৰেল মন্ত্ৰীলৈ পত্ৰ লিখিলে ধৰ্মেন্দ্ৰ প্ৰধানে

165

শ্ৰমিকক পুনৰ নিজৰ কামলৈ যোৱাৰ বাবে বিশেষ ৰে’লৰ সুবিধা কৰাৰ দাবী উত্থাপন কৰিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী গৰাকীয়ে ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলক এক পত্ৰ প্ৰেৰণ কৰিছে ।

“কৰ’না মহামাৰীৰ সময়ত গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ পৰা উৰিষ্যালৈ শ্ৰমিকসকল ঘূৰি আহিছিল । তেওঁলোকক বিশেষ শ্ৰমিক ৰে’লেৰে অনা হৈছিল । কিন্তু সম্প্ৰতি তলাবন্ধ আঁতৰোৱাৰ পাছত শ্ৰমিক সকল পুনৰ কৰ্মভূমিলৈ  ঘূৰি যাব বিচাৰে।” এই মন্তব্য কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ।

লগতে মন্ত্ৰী প্ৰধানে  কয় যে  তলাবন্ধৰ কাৰণে শ্ৰমিকসকলৰ শোচনীয় হোৱা আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে আৰু উৰিষ্যাৰ শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে উৰিষ্যাৰ পৰা গুজৰাট, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰলৈ শীঘ্ৰে শ্ৰমিকৰ বিশেষ ৰে’ল চলাচল কৰাৰ প্ৰয়োজন আছে ।

Exit mobile version