ৰাজ্যত দ্ৰুতগতিত কৰ’নাৰ সংক্ৰমণ

corona

ৰাজ্যত তলাবন্ধ শিথিল কৰা হৈছে যদিও আক্ৰান্তৰ সংখ্যা হ্ৰাস হোৱা নাই। বৰঞ্চ সংক্ৰমণ বৃদ্ধিহে পাইছে। আপুনি যদি ক’ভিডত আক্ৰান্ত হয় তেন্তে বিছনাৰ সন্ধানত আপুনি ইখনৰ পৰা সিখন হস্পিতাললৈ লৰা-ধপৰা কৰিব লগা হ’ব পাৰে । কাৰণ প্ৰায়কেইখন ব্যক্তিগত চিকিৎসালয়তো এতিয়া ক’ভিড ৰোগী ৰখাৰ বাবে বিছনাৰ অভাৱ হৈছে আৰু চৰকাৰী চিকিৎসালয়ত মাত্ৰ বাকী আছেগৈ ১৫০ খন আইছ’লেচনযুক্ত বিছনা ।

ADVERTISEMENT

উল্লেখ্য যে গুৱাহাটীৰ কে’বাখনো হস্পিতালক চৰকাৰী ৱেবচাইটত ক’ভিড স্বাস্থ্য কেন্দ্ৰ হিচাপে মনোনীত কৰা হৈছে। হায়ত হস্পিতালকে ধৰি মহানগৰীৰ কে’বাখনো নামী দামী হস্পিতালত এতিয়া ক’ভিড ৰোগী ৰাখিবলৈ বিছনাৰ অভাৱে দেখা দিছে বুলি সূত্ৰত প্ৰকাশ। সম্প্ৰতি ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১,২৮,২৪৪ জন । ইয়াৰ ভিতৰত সুস্থ হৈ উঠিছে ৯৯,০৭৩ জন আৰু মৃত্যু হৈছে ৩৭০ জনৰ।

Exit mobile version