ভাৰতৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্ৰ

884444 lac

২৯ আৰু ৩০ আগষ্টত ভাৰতীয় সেনাই চীনক দিয়া উচিত প্ৰত্যুত্তৰৰ পিছত চীনে এতিয়া সীমান্তত সেনা নিয়োগ কৰিছে  ৷ ইপিনে ভাৰত-চীন সীমান্তত প্ৰতি বাৰেই চীনে সকলো চুক্তি উলংঘা কৰি আহিছে  ৷ তাৰ মাজতে সাত ছেপ্তেম্বৰত ভাৰতীয় সেনা বাহিনীয়ে চীনা সৈন্যক সীমান্তৰ পৰা পিছুৱাবলৈ সক্ষম হয় ।

ইপিনে ১ ছেপ্তেম্বৰত চীনৰ ৰেচিনলাৰ সমীপত PLA (পিপল্চ লিবাৰেশ্যন আৰ্মি)ৰ সৈন্যই বিচৰণ কৰে । আনহাতে স্পানগুৰ হ্ৰদৰ আশে পাশে চীনে দুটা সেনা বাহিনীৰ দল নিয়োগ কৰে ৷ এইসকলো সেনা বাহিনী শিখৱানত থকা ৬২ কামাণ্ড আৰ্ম ফৰ্চ ব্ৰিগ্ৰডৰ অংশ ।

উল্লেখযোগ্য যে ২৯ আৰু ৩০ আগষ্টত ভাৰতীয় সেনাই ৰেচিনলা আৰু ৰেজাংলাক অধিকাৰ কৰে  ৷ ইয়াৰ পৰা ভাৰতীয় সেনাই চীনৰ মাল্ডো সেনা নিবাসত চকু ৰাখিব পাৰিব । আনহাতে, ভাৰতীয় সেনাৰ মতে যোৱা ২৯-৩০ আগষ্টত পাংগঙৰ হ্ৰদৰ ১৪ হেজাৰ ফুট উচ্চতাত চীনা বাহিনীয়ে দুবাৰকৈ অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল । এক নতুন অঞ্চলেৰে চীনে একপক্ষীয়ভাৱে স্থিতাৱস্থা সলনি কৰিবলৈ চেষ্টা চলোৱা বুলি ভাৰতে অভিযোগ কৰি আহিছে ৷

ভাৰত চৰকাৰৰ স’তে পাংগং হ্ৰদৰ দক্ষিণ পাৰেৰে চীনৰ এই অনুপ্ৰবেশৰ প্ৰচেষ্টা পূৰ্বৰে পৰা সস্ত্ৰম হৈ থকা বাবে প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই । ৩১ আগষ্টৰ ঘটনাটো দিনৰ ভাগতে সংঘটিত হৈছিল । এক অভিযানকালীন ভাৰতীয় সেনাক চীনা সেনা বাহিনীয়ে ঘেৰি ধৰি উচ্চস্থানৰ অঞ্চল দখল কৰিবলৈ চেষ্টা কৰিছে ৷

সূত্ৰত প্ৰকাশ যে চীনা সেনাক অধিক অগ্ৰসৰ নহ’বলৈ সকীয়নি দিয়া হয় আৰু চীনা সামৰিক কমাণ্ডাৰসকলক উত্তেজনা প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল’বলৈ কোৱা হয় ।

Exit mobile version