স্বাস্থ্যবিধিক ভেঙুচালি কৰি ক্ষমতা দখলৰ যুঁজত শাসক বিৰোধী পক্ষ

Screenshot 75

অসমত ক’ভিড-১৯ ৰ সংক্ৰমণে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে ৷ যোৱা আগষ্টৰ শেষৰ পৰা আক্ৰান্ত লোকৰ সংখ্যা অধিক বৃদ্ধি হ’বলৈ ধৰে ।দীৰ্ঘদিন দৈনিক আক্ৰান্তৰ হাৰ গড়ে পাঁচ শতাংশৰ ভিতৰত থকাৰ পাছত বিগত এসপ্তাহৰ পৰা সেয়া সাত শতাংশলৈ বৃদ্ধি পাইছে । ইয়াৰ মূলতে হৈছে ৰাজ্যত হ্ৰাস পোৱা সজাগতা ।

কিন্তু সাধাৰণ জনতাক এই ভাইৰাছৰ ভয়াৱহতাক লৈ কোনে সজাগ কৰিব? চৰকাৰৰ সীমাবদ্ধতা এই ক্ষেত্ৰত অতি কৰুণভাৱে ওলাই পৰিছে ৷ চৰকাৰৰ বাহিৰেও যিসকলে সামাজিক বিভিন্ন ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰি আহিছে, যিসকলৰ বাৰ্তাই সমাজক প্ৰভাৱিত কৰিব পাৰে তেনেসকলৰ এই ক্ষেত্ৰত ভূমিকাও দুৰ্বল বুলি চৰ্চিত হৈছে ।

এই ক্ষেত্ৰত ৰাজনৈতিক দল সংগঠনৰ ভূমিকাও লক্ষ্যণীয় হৈ পৰিছে ।ৰাজ্যত আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক বতাহ ববলৈ আৰম্ভ কৰিছে ৷ কোনে কি দৰে চৰকাৰ গঠন কৰিছে, সেই তৎপৰতা বাঢ়িছে ৷ ৰাজনীতিৰ সোৱাদ ল’বলৈ নতুন দল গঠনৰ ধুম উঠিছে । এইবোৰৰ মাজত হেৰাই গৈছে কৰ’নাসৃষ্ট ভয়াৱহ পৰিস্থিতি ।

শ শ, হেজাৰ হেজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছে ৰাজনৈতিক সভা। চৰকাৰ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী আদিও সমানে অব্যাহত আছে । যিসময়ত স্বয়ং চৰকাৰে অতি প্ৰয়োজনীয় ৰাজহুৱা সভা সমিতিত সৰ্বাধিক লোকৰ সমাগমৰ সংখ্যা নিৰ্ধাৰণ কৰি দিছে, তাৰ বিপৰীতে সভাবোৰত সমবেত হৈছে হেজাৰ হেজাৰ লোক । প্ৰতিবাদবোৰত অনুৰূপ জনসমাগম হৈছে ৷

ইয়াত উলংঘা হৈছে স্বাস্থ্য বিধি ৷ মাস্ক পৰিধান, সামাজিক দূৰত্ব সকলো ধোৱাঁচাঙত উঠিছে । ইয়াৰ বিপৰীতে ৰাজ্যত কৰ’নাৰ সামাজিক সংক্ৰমণৰ গতি ক্ষিপ্ৰ হৈছে । নিয়ম ভংগ যেন প্ৰতিযোগিতা চলিছে দল-সংগঠনবোৰৰ মাজত ।

এই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে কৰ’না প্ৰতিৰোধী সকলো সুৰক্ষা ব্যৱস্থা কৰিবই লাগিব । তাৰ বিকল্প নাই । মানুহক সজাগ কৰিবই লাগিব । কিন্তু সজাগতা বৃদ্ধিত বিজেপিয়ে বিধি পথালি দিয়া বুলি অভিযোগ কৰি বৰাই কয় “আমি প্ৰথমৰ পৰাই সকলো নিয়ম মানি আছো ।আমি নিয়ম পালন কৰি ঘৰত বহি থাকোতে বিজেপিয়ে ৰাজনৈতিক কাম কাজবোৰ নিয়ম ভংগ কৰি চলাই গৈছে । গতিকে আমি বহি থাকিম কিয় ? বহি থাকিলে আমাৰ লোকচান হ’ব ৷”

বৰাই দাবী কৰে যে তেওঁলোকৰ সভাবোৰত তিনিশৰ পৰা চাৰিশ মানুহ হয় । লগতে প্ৰতিখন সভাত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব ৰক্ষা কৰি চলাটো নিয়ম কৰি দিয়া হৈছে ।

ইপিনে শাসক বিজেপিৰ ৰাজ্যিক উপ সভাপতি পুলক গোহাঁয়ে কয় যে মানুহ থাকিলেহে ৰাজনৈতিক কাম-কাজো চলিব । তাৰ বাবে শৰীৰ, স্বাস্থ্য ঠিককৈ ৰাখিবই লাগিব । বৰ্তমানৰ জটিল পৰিস্থিতিত প্ৰতিটো দল সংগঠন, জন প্ৰতিনিধি, সমাজক নেতৃত্ব দিয়া লোককে ধৰি সকলোৱে স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিয়মবোৰ পালন কৰাটো বাধ্যতামূলক । তাৰ বিপৰীতে বহু সময়ত তেনে নিয়ম ভংগ কৰাটো দেখা গৈছে ।

লগতে গোহাঁইয়ে কয় “শাসক বিৰোধী সকলোৱে নিয়মবোৰ মানি চলিব লাগে ৷ মই আমাৰ দল বিৰোধী বুলি উল্লেখ কৰা নাই। সকলোৰে সমান দায়িত্ব আছে ।” এয়া ৰাজ্যৰ শাসক আৰু প্ৰধান বিৰোধী দল দুটাৰ উদাহৰণ।

ইতিমধ্যে ৰাজ্যৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি হোৱাত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে ধাৰাবাহিক প্ৰতিবাদ,ধৰ্ণা আদিও অব্যাহত আছে ৷ এনে প্ৰতিবাদবোৰত কোনো ধৰণৰ নীতি-নিয়ম পালন কৰা নাই । এইবোৰৰ ফলতে ৰাজ্যত কৰ’না কেন্দ্ৰিক পৰিস্থিতি দিনে দিনে জটিল হৈছে ।

Exit mobile version