২০২১ৰ শান্তিৰ ন’বেল বটাঁৰ কাৰণে মনোনীত ড’নাল্ড ট্ৰাম্প

Trump

২০২১ৰ শান্তিৰ ন’বেল পুৰস্কাৰৰ কাৰণে মনোনয়ন লাভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । UAE আৰু ইজৰাইলৰ মাজত শান্তি চুক্তিৰ ক্ষেত্ৰত ট্ৰাম্পৰ অৱদানৰ কাৰণে মনোনয়ন কৰা হৈছে ৷

Norwegian সংসদৰ সদস্য ক্ৰিষ্টিয়ান টাইবিঙে ট্ৰাম্পৰ সন্দৰ্ভত কয় যে ন’বেল বটাঁৰ কাৰণে মনোনীত হোৱা অন্য লোকসকলৰ তুলনাত ট্ৰাম্পে দুখন দেশৰ মাজত শান্তি আনিবলৈ যথেষ্ট চেষ্টা কৰিছে  ৷

ইফালে বিগত বৰ্ষত উত্তৰ কোৰিয়া আৰু চিৰিয়াৰ মাজত শান্তি চুক্তিৰ কাৰণে ট্ৰাম্পে ন’বেল বটাঁৰ কাৰণে নিজকে উপযুক্ত বুলি মন্তব্য কৰে ৷ অৱশ্যে পাছত ট্ৰাম্পে ন’বেল বটাঁ পোৱা নোপোৱাক লৈ কোনো আক্ষেপ নাই বুলি কয় । আনহাতে চলিত বৰ্ষৰ অক্টোবৰত প্ৰকাশ পাব ন’বেল বটাঁ বিজয়ীৰ নাম ৷

Exit mobile version