অসমত মঙলবাৰে পুনৰ নজন কৰ’না আক্ৰান্তই মৃত্যুক সাবটিবলগীয়া হয়। ইয়াৰ লগে লগে ৰাজ্যত পৰোক্ষভাৱে আৰু প্ৰত্যক্ষভাৱে মৃত হোৱা লোকৰ সংখ্যাই পাঁচ শতাধিকৰ সীমা অতিক্ৰম কৰে। ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ ওদালগুৰি, হোজাই, কামৰূপ মহানগৰ, ডিব্ৰুগড় কাছাৰ, যোৰহাট আৰু বঙাইগাঁওৰ নজন লোকৰ মৃত্যু হয় কৰ’নাত।
ইয়াকে ধৰি ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে মুঠ ৫০৪ জনলৈ। ইতিমধ্যে ৰাজ্যত জটিল ৰূপ ধাৰণ কৰা এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা আজি বৃদ্ধি হয় ১,৩০৮,২৩ জনলৈ । যোৱা ২৪ ঘণ্টাত সম্পন্ন হোৱা ৩৪,৪৬২ টা নমুনা পৰীক্ষাৰ জৰিয়তে নতুনকৈ ২,৫৭৯ জন লোক আক্ৰান্তৰ তথ্য পোহৰলৈ আহে।
জিলাবোৰৰ ভিতৰত কামৰূপ মহানগৰত সৰ্বাধিক আক্ৰান্ত হৈছে। ইয়াৰ পাছতে ডিব্ৰুগড়, যোৰহাট আৰু ধেমাজি। আনহাতে, সুস্থ হোৱা লোকৰ সংখ্যাই এক লাখৰ সীমা অতিক্ৰম কৰে । আনহাতে, চিকিৎসাধীন হৈ আছে ২৯,২০৩ জন আক্ৰান্ত ।
ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই সংক্ৰমণ বৃদ্ধিৰ সন্দৰ্ভত কয় যে চৰকাৰ তথা স্বাস্থ্য বিভাগে শেষ বিন্দু তেজ থকালৈকে কাম কৰি যাব। বৰ্তমানৰ পৰিস্থিতিত সকলো নিৰ্ভৰ কৰিছে ৰাইজৰ ওপৰত। ৰাইজে যদি কৰ’না প্ৰতিৰোধৰ নীতি নিয়ম সমূহ মানি চলে তেন্তে অসম বিপদৰ পৰা ৰক্ষা পৰিব। বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰত থকা বুলিও তেঁও কয় ।