ৰাষ্ট্রপতি ট্রাম্প মােৰ পিতৃ : চাঞ্চল্যকৰ দাবী পাকিস্তানী যুৱতীৰ

mcms

আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন চমু চাপি অহাৰ সময়তে হঠাতে পাকিস্তানৰ এগৰাকী যুৱতীয়ে মার্কিন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প তেওঁৰ পিতৃ বুলি দাবী কৰিলে । ছ’চিয়েল মিডিয়াৰ জৰিয়তে আম্মাৰা মাজহাৰ নামৰ মুৱতী এগৰাকীয়ে দাবীকৰা মতে তেওঁ ডনাল্ড ট্রাম্পৰ সন্তান।

ADVERTISEMENT

আম্মাৰাই লগতে প্ৰকাশ কৰা মতে তেওঁৰ মাতৃৰ স’তে ৰাষ্ট্রপতি ট্রাম্পৰ প্ৰায়ে কাজিয়া হৈছিল আৰু ট্রাম্পে তেওঁৰ মাতৃক দায়িত্বজ্ঞানহীন বুলি অভিহিত কৰিছিল।

ট্রাম্পৰ স’তে এসময়ত বৰদিন পালন কৰা বুলিও আম্মাৰাই দাবী কৰে। পিতৃ ট্রাম্পক লগ পাবলৈ আম্মাৰাই আমেৰিকালৈ যাব বিচাৰে আৰু ইয়াৰ বাবে অনুমতি বিচাৰি পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ।

উল্লেখ্য যে এতিয়ালৈকে ট্রাম্পে তিনিবাৰ বিবাহ কৰােৱাৰ কথা সর্বজনজ্ঞাত। যােৱা শতিকাৰ ৭০ দশকত ট্রাম্পে মডেল ইভানা জেলনিক’ভাক পত্নী হিচাপে গ্ৰহণ কৰিছিল । ইয়াৰ পাছত ১৯৯৩ত ট্রাম্পে অভিনেত্রী মালা মেপেলছৰ সতে বিবাহ সম্পন্ন কৰিছিল ।

২০০৫ত ট্রাম্পে মডেল মেলানিয়াক পত্নী হিচাপে গ্রহণ কৰে । অহা নৱেম্বৰত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হ’ব আৰু এই নির্বাচনৰ প্ৰাক মুহূর্তত বৰ্তমানৰ ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান দলৰ প্রার্থী ট্রাম্পৰ বিৰুদ্ধে পাকিস্তানী যুৱতীয়ে চাঞ্চল্যকৰ অভিযােগ উত্থাপন কৰিলে।

Exit mobile version