চীনৰ পিপল্চ লিবাৰেশ্যন আৰ্মি (PLA)য়ে বিগত দুমাহত বহুবাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা নীতি নিয়ম উলংঘা কৰিছে । এক বিশেষ সূত্ৰৰ মত অনুসৰি চীনৰ সৈনিকে অৰুণাচল প্ৰদেশ, চিকিম আৰু উত্তৰাখণ্ডৰ বহু স্থানত সীমাৰ চুক্তি উলংঘন কৰিছে ৷ চীনৰ এই সীমা উলংঘন কেৱল পূৱ লাডাখতে সীমাবদ্ধ নহয় ।
এক বিশেষ প্ৰতিবেদন অনুসৰি চীনৰ সৈনিক ভাৰতত প্ৰায় ৪০ কিলোমিটাৰলৈকে আগবাঢ়ি আহিছিল । অৱশ্যে ভাৰতীয় সেনাৰ তৎপৰতাত পিছুৱাই যাবলৈ বাধ্য হয় চীনৰ সেনা ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, সীমান্তত যিকোনো পৰিস্থিতিৰ লগত যুঁজ দিবলৈ সাজু আছে ভাৰতীয় সৈনিক ৷
উল্লেখযোগ্য যে বিগত চাৰি মাহৰ পৰা ভাৰত-চীন সীমান্তত অব্যাহত আছে উত্তেজনা । এই সময়ত দুয়ো পক্ষৰ সৈনিকৰে মৃত্যু হৈছে । ১৫ জুনত পূব লাডাখৰ গালৱানত কামাণ্ডিং বিষয়াৰ লগতে প্ৰায় ২০ জন ভাৰতীয় সেনা ছহিদ হয় । লগতে চীনৰ ৪০ জনতকৈ অধিক সেনাৰ মৃত্যু হয় । নাম প্ৰকাশত অনিচ্ছুক এজন বিষয়াই কয় যে PLAয়ে জুলাইত দুবাৰকৈ অৰুণাচলত প্ৰবেশ কৰিছিল ।
বিষয়াজনৰ মতে চীনৰ সৈন্যই অঞ্জাৱ জিলাত কেম্প কৰি তিনি-চাৰিদিন বাহৰ পাতিছিল ৷ আগষ্টৰ প্ৰথম সপ্তাহত PLAয়ে ওখ ঠাইৰ পৰা ভাৰতীয় সেনালৈ পাথৰ নিক্ষেপ কৰে । অৱশ্যে জ্যেষ্ঠ বিষয়াৰ হস্তক্ষেপৰ পিছত পৰিস্থিতি সুস্থিৰ হয় । কিন্তু দুয়ো পক্ষৰ সেনা “জেলেপ লা য়েৰা” অঞ্চলত নিজৰ স্থিতিত অটল থাকে ৷
ৰাজনৈতিক ক্ষেত্ৰত বিগত সপ্তাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মস্কোত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ লগত বৈঠকত মিলিত হয় । বিগত সপ্তাহত হোৱা বৈঠকখনত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতক দোষী সাব্যস্ত কৰিছিল আৰু কৈছিল যে চীনে এক ইঞ্চি মাটিও এৰি নিদিয়ে ৷
ৰাজনাথ সিঙে কৈছিল যে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো সন্দেহ থাকিব নালাগে ৷ আনহাতে চলিত সপ্তাহৰ শেষলৈ দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হ’ব।