পাটিয়ালাত অৱস্থিত ‘নেতাজী সুভাষ নেচনেল ইনষ্টিটিউট অৱ স্পৰ্টছ’ৰ বিৰুদ্ধে উত্থাপিত হ’ল নিম্নমানৰ তথা অস্বাস্থ্যকৰ খাদ্য পৰিবেশনৰ অভিযােগ। এই অভিযােগ আনিলে দেশৰ অন্যতম শ্রেষ্ঠ দৌৰবিদ হিমা দাসে। অসম-কন্যাৰ খাদ্যত মানুহৰ হাতৰ নখ ওলােৱাৰ পাছতে এছিয়ান গেমছৰ পদক বিজয়িনীয়ে কেন্দ্রীয় ক্রীড়া মন্ত্রণালয়ত অভিযােগ দাখিল কৰে। ইতিমধ্যে কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেন ৰিজিজুৱে বিষয়টোত হস্তক্ষেপ কৰিছে ।
উল্লেখ্য যে পাটিয়ালাৰ নেতাজী সুভাষ নেচনেল ইনষ্টিটিউট অৱ স্পৰ্টছ হৈছে এছিয়াৰ বৃহত্তম ক্রীড়া প্রশিক্ষণ কেন্দ্র । ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ (ছাই)ৰ অধীনস্থ এই প্রশিক্ষণ কেন্দ্ৰত আছে দেশৰ ভিতৰতে সবাতােকৈ অত্যাধুনিক আন্তঃগাঁথনি । অথচ এই এন এছ-এন আই এছতে খাদ্যৰ মান নিম্ন হােৱাৰ অভিযােগ উত্থাপন হৈছে। অভিযােগ অনুসৰি, দেশৰ অন্যতম শ্রেষ্ঠ ক্রীড়া প্রশিক্ষণ কেন্দ্ৰটোত পৰিবেশন কৰা খাদ্য একেবাৰে অস্বাস্থ্যকৰ।
সম্প্রতি এই অভিযােগ উত্থাপন কৰিলে হিমাই। কেন্দ্ৰটোত প্রশিক্ষণৰত আন একাংশ এথলীটেও অনুৰূপ অভিযােগ তুলিছে। উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই পাটিয়ালাৰ নেতাজী সুভাষ নেচনেল ইনষ্টিটিউট অৱ স্প’ৰ্টছ অন্যান্য বিতর্কৰ মাজত আছে। কিছুদিনৰপূর্বে কেন্দ্ৰটোৰ একাংশ কর্মীৰ বিৰুদ্ধে কৰ’না বিধি ভংগৰ অভিযােগ উঠিছিল। ইয়াৰ উপৰি ইতিমধ্যে অলিম্পিকলৈ যােগ্যতা অর্জন কৰা দুজন বক্সাৰে ইয়াত থকাৰ সময়তে ভংগ কৰিছিল কোৱাৰেন্টাইনৰ নিয়ম। এতিয়া উত্থাপিত হৈছে নিম্নমানৰ খাদ্যৰ অভিযােগ।
একাংশ এথলীটে অভিযােগ কৰে যে প্রশিক্ষণ কেন্দ্ৰটোৰ কেন্টিনৰ পৰা আৰম্ভ কৰি ৰন্ধনশালা পর্যন্ত সকলােবােৰেই অস্বাস্থ্যকৰ। লগতে যি মানৰ খাদ্য খাবলৈ দিয়া হৈছে, সেইবােৰ খাই কোনাে আন্তর্জাতিক মানৰ প্রতিযােগিতাত জয়ী হ’ব নােৱাৰি বুলিও এথলীটসকলে অভিযােগ কৰে। প্রাপ্ত অভিযােগ অনুসৰি, কিছুদিন পূর্বে হিমাৰ খাদ্যত ওলাইছিল মানুহৰ হাতৰ নখ। ইয়াৰ ফটো তুলি ক্ষুব্ধ এথলীটগৰাকীয়ে প্রশিক্ষণ কেন্দ্ৰটোৰ শীর্ষ বিষয়ক অভিযােগ কৰে; কিন্তু কর্তৃপক্ষই কোনাে ব্যৱস্থা গ্রহণ নকৰিলে।
ইয়াতে খর্গহস্ত হৈ তাৰকা দৌৰবিদগৰাকীয়ে ক্রীড়ামন্ত্রী ৰিজিজুক লিখিত অভিযােগ জনায়। ক্রীড়ামন্ত্ৰীয়ে বিষয়টোত ততালিকে হস্তক্ষেপ কৰি বিষয়টো ছাই কর্তৃপক্ষক অৱগত কৰাৰ লগতে দ্রুতগতিৰে পদক্ষেপ গ্রহণৰ নির্দেশ দিয়ে। ৰিজিজুৰ নির্দেশৰ পাছতে ছাই কর্তৃপক্ষই ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। ইয়াৰ বাবে সম্প্রতি এখন খাদ্য পৰিদৰ্শন কমিটী গঠন কৰা হৈছে।দেশৰ শ্ৰেষ্ঠ এথলীটসকলে অনুশীলন কৰা প্রশিক্ষণ কেন্দ্ৰটোত খাদ্য অৱস্থা ইমান বেয়া কিয় বুলি প্রশ্ন উত্থাপন হৈছে। বিশেষ অতিমাৰীৰ পৰিস্থিতিত এই বিষয়ত কর্তৃপক্ষ অধিক সচেতন হােৱা উচিত আছিল বুলিও বহুতে মন্তব্য কৰিছে।