NEET পৰীক্ষাক লৈ উচ্চতম ন্যায়ালয় ভাষ্য

supreme court

উচ্চতম ন্যায়ালয়ে বুধবাৰে NEET পৰীক্ষা স্থগিত কৰিবলৈ দিয়া প্ৰতিবেদন সন্দৰ্ভত শুনানি দিবলৈ অস্বীকাৰ কৰে । ন্যায়ালয়ে কয় পৰীক্ষাৰ লগত জড়িত সকলো প্ৰস্তুতি সম্পন্ন হৈছে ৷ গতিকে NEETৰ পৰীক্ষা ১৩ ছেপ্তেম্বৰতে অনুষ্ঠিত হ’ব ।

এই সন্দৰ্ভত ন্যায়াধীশ আশোক ভূষণৰ বিচাৰপীঠে কয় যে, “কৰ’না মহামাৰীৰ সময়ত আয়োজিত কৰা NEET পৰীক্ষাৰ কাৰণে সকলো পদক্ষেপ লোৱা হ’ব  ৷ বিচাৰপীঠে লগতে কয় “ক্ষমা কৰিব আমি মনোৰঞ্জনৰ কাৰণে ইচ্ছুক নহয়।”

ইপিনে NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিৰোধী পক্ষৰ দেশৰ ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিয়া আবেদন উচ্চ ন্যায়ালয়ে ৪ ছেপ্তেম্বৰত নাকচ কৰে ৷ আনহাতে ন্যায়ালয়ৰ বিচাৰপীঠৰ আন দুজন ন্যায়াধীশ আৰ এছ ৰেড্ডী আৰু এম আৰ শ্বাহে কয় যে পৰীক্ষা আয়োজন কৰাৰ কাৰণে ৷ সকলো প্ৰস্তুতি কৰা হৈছে ।

NEET পৰীক্ষাৰ স্থগিত কৰাৰ সন্দৰ্ভত আবেদন কৰাসকলৰ ভিতৰত জ্যেষ্ঠ অধিবক্তা টী এছ তুলসীয়ে প্ৰশ্ন কৰে “কনটেইনমেন্ট জ’নত থকা লোকসকলক বাহিৰলৈ আহিবলৈ অনুমতি দিয়া নাই গতিকে তেওঁলোক কেনেকৈ পৰীক্ষা কেন্দ্ৰলৈ আহিব ?”

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি JEE আৰু NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিভিন্ন চৰ্চা অব্যাহত আছে ৷ ক’ভিড-১৯ৰ কাৰণে একাংশ ছাত্ৰ ছাত্ৰীৰ লগতে বহু অভিভাৱকে NEET আৰু JEE পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ আহ্বান কৰিছিল কৰ্তৃপক্ষক ।

তাৰ মাজতে এই বিষয়টোৱে উচ্চতম ন্যায়ালয়ৰ মজিয়া গৰকিলগৈ ৷ আৰু আজি উচ্চতম ন্যায়ালয়ে NEET পৰীক্ষা ১৩ ছেপ্তেম্বৰত হ’ব বুলি স্পষ্ট কৰি দিয়ে।

Exit mobile version