আমেৰিকান নিবাসী অসম মূলৰ ৰীমা ৰাজবংশীৰ সাহিত্য সৃষ্টি সমাদৃত চুগাৰ, স্ম’ক, ছং’ শীর্ষক ৰীমাৰ গ্ৰন্থ প্ৰকাশ কৰিলে লছ এঞ্জেলছৰ ৰেড হেন প্রেছে

e4129065 0fe4 4d1e b035 2d29b75ae43d

অসম মূলৰ কন্যা ৰীমা ৰাজবংশীৰ সাহিত্য সৃষ্টিয়ে আমেৰিকাত সমাদৰ লাভ কৰিছে । এগৰাকী অসমীয়া মূলৰ আমেৰিকানৰ সাহিত্য সৃষ্টিৰ সফলতাই স্বাভাৱিকতে ৰাজ্যলৈও গৌৰৱ কঢ়িয়াই আনিছে। এঞ্জেলছৰ ৰেড হৰ্ণ প্ৰেছ’-এৰীমাৰ চুগাৰ, স্ম’ক, ছঙ’ নামৰ উপন্যাসখন প্ৰকাশ কৰিছে। ৰীমা হৈছে কর্মসূত্রে সম্প্রতি আমেৰিকাত কাম কৰা চিভিল অভিযন্তা নলবাৰীৰ বিমল ৰাজবংশীৰ কন্যা ।

আমেৰিকাৰ ব’ষ্টনৰ হার্ভার্ড ইউনিভাৰ্ছিটিীৰ পৰা ইংৰাজীসাহিত্যত অনাৰ্ছসহ স্নাতক ডিগ্রী গ্রহণৰ পাছত ইউনিভাৰ্ছিটী কেলিফর্ণিয়াৰ পৰা ‘ক্রিয়েটিভৰাইটিং’ত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে ৰীমাই । সম্প্রতি তেওঁ হেডাৰফ’র্ড কলেজত ভিজিটিং এছিছেটেন্ট প্রফেচৰ হিচাপে কৰ্মৰত। সদ্য প্রকাশিত ৰীমাৰ গ্ৰন্থখনিৰ বেটুপাত অংকন কৰিছে কলকাতাৰ শিল্পী চন্দ্রা ভট্টাচার্যই।

এই গ্রন্থখনিত সৃজনীশিলতাৰ প্রতিফলন ঘটাই নটাগল্প উপন্যাসৰশৈলীত সজোৱা হৈছে। গ্রন্থখনিৰ বৃহৎ অংশই অসমৰ সংস্কৃতি, ইতিহাস আৰু ভাষাক অংকিত কৰিছে। ছান ফ্রান্সিছক’ নিবাসী পাকিস্তানী লেখক আৰু সমালােচক মােৱাজম শ্বেইখে গ্রন্থখনিৰ এক পাণ্ডিত্যপূর্ণসমালােচনাত এইদৰে কয় ।

এই গ্রন্থখনিয়ে চুটি গল্পৰ সংগ্ৰহ আৰু নটা গল্পৰে গাঁঠি দিয়া পৰীক্ষামূলৰ উপন্যাসৰ মাজত আন্দোলিত হৈছে, নটা গল্প একেবােৰ বিষয়ৰে নটা ভিন্নৰূপান্তৰ, মূল চৰিত্ৰৰ উপস্থিতিৰে এইসমূহৰ মাজত যােগসূত্র স্থাপন কৰা হৈছে যিয়ে একেজন ব্যক্তিৰ নটা ভিন্ন ৰূপান্তৰ ৰূপে ক্রিয়া কৰিছে।

সমালােচকজনে কয় যে অসমৰ পৰাবেতনভােগী শ্ৰেণীৰ পেক্ষাপটৰ পৰা অহা প্রয়ােজনকাৰী সন্তান কেনে হ’ব পাৰে তাৰে সুন্দৰ ছবি ৰীমা। এক গৌৰৱৰ ইতিহাস থকা সত্ত্বেও কিছুদিনৰ বাবে অসম শাসন কৰাবার্মিজসকলক পৰাভূত কৰি ব্ৰিটিছে
। অসমৰ তেওঁলােকৰ ঔপনিৱেশিক নিয়ন্ত্ৰণৰ অধীনলৈ নিছিল। ব্রিটিছে অসমীয়া মানুহৰ ওপৰত বাংলা ভাষা জাপি দিছিল আৰু চাহ বাগিচাত কাম কৰিবলৈ ভাৰতৰ আন আন প্ৰান্তৰ পৰা শ্ৰমিকসকলক আনিছিল।

এইদৰেউল্লেখ কৰি পাকিস্তানী সাহিত্যিকজনে কয় যে ভাৰত চৰকাৰে অসমক কে’বাখনাে আন আন ৰাজ্যলৈ বিভাজিত কৰিলে আৰু যুক্তৰাষ্ট্রীয় চৰকাৰে সৃষ্টি কৰা ভাষাৰ ইছ্যু উত্তেজনাৰ এক উৎস হৈ পৰে। উত্তৰ-পূৱ ভাৰতৰ মানুহৰ প্ৰতি কৰা আচৰণৰ বাবে তেওঁলােক কিদৰে ক্ষুব্ধ- বিচ্ছিন্নতাবাদী আন্দোলনৰ আঁৰত থকা মৌলিক কাৰণ আৰু তেওঁলােকক দেশৰ আন অংশতকৈ জাতিগতভাৱে অথবা সাংস্কৃতিকভাৱে নিম্নমানৰ বুলি চোৱা হয় এই কথা ৰীমায়ে আঙুলিয়াই দিবলৈ কুণ্ঠাবোধ কৰা নাই। ব্রংক্সৰ দৰে ঠাইত বহুমুখী কঠিনতাৰ মাজত নতুনকৈ জীৱননিৰ্মাণৰ বাবে তেওঁ অধিক আগ্রহী।

Exit mobile version