কাৰ্বি আংলং নিলিপ পৰিষদীয় সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি

WhatsApp Image 2020 09 10 at 5.51.19 PM

যিসময়ত পৰিৱৰ্তনকামী বিজেপি চৰকাৰে “সৱকা সাথ সৱকা বিকাশ নীতি”ৰে সৰ্বসাধাৰণক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সেইসময়তেই কাৰ্বি আংলং জিলা গ্ৰামোন্নয়ন বিভাগৰ নিলিপ উন্নয়ন খণ্ডত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকৰ বাবে আবণ্টিত গৃহ নিৰ্মাণত সংঘটিত হৈছে এই অনিয়ম ।

উল্লেখ্য যে ২০২২ চনৰ ভিতৰত দেশৰ প্ৰতিজন দৰিদ্ৰ লোকৰ বাবে নিশ্চিত আৱাসৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা শীৰ্ষক এক অভিলাষী আঁচনি ৰাইজৰ বাবে মুকলি কৰি দিছে যদিও একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দুৰ্নীতিগ্ৰস্ততাৰ বাবে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ বুমেৰাংত পৰিণত হোৱা পৰিলক্ষিত হৈছে ।

আনহাতে বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত নিলিপ উন্নয়ন খণ্ডৰ অধীনস্থ নিলিপ পৰিষদীয় সমষ্টিত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ।

উত্থাপিত অভিযোগ অনুসৰি নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লামছ’মেইপি এলেকাৰ পাঁচ খন গাওঁ ক্ৰমে বাপু টেৰণ গাওঁ, বীৰেণ তিছ’ গাওঁ, হেমাৰী ছিংনাৰ গাওঁ, চাৰ্থে লেকথে গাওঁ আৰু মঙ্গলছিং তিছ, গাঁৱৰ কমেও ২০গৰাকী হিতাধীকাৰী এইদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত প্ৰৱঞ্চনাৰ বলি হ’বলগীয়া হৈছে ।

গাওঁবাসীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি যোৱা প্ৰায় দুই-তিনি বছৰৰ পূৰ্বেই গাঁওখনত আৱাস যোজনাৰ অধীনৰ চৰকাৰী গৃহ নিৰ্মাণ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰা হৈছিল । আৰ্থিকভাৱে দুৰ্বল গাঁওবাসীয়ে চৰকাৰৰ তৰফৰ পৰা লাভ কৰা এনে সাহায্যত স্বাভাৱিকতে আনন্দিত হৈছিল যদিও বছৰৰ পিছত বছৰ ধৰি আৱাসগৃহসমূহ আধৰুৱা হৈ পৰি ৰোৱাৰ ফলত সেই আনন্দ সম্প্ৰতি ক্ষোভলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে।

গাঁওখনৰ ৰাইজে জানিবলৈ দিয়া অনুসৰি গৃহসমূহৰ আধালৈ দেৱাল নিৰ্মাণ কৰাৰ পিছতে গৃহসমূহৰ ঠিকাদাৰসকলে গৃহসমূহ নিৰ্মাণৰ কামলৈ পিঠি দিবলৈ আৰম্ভ কৰে। গাওঁসমূহৰ কে’বাটাও এনে পৰিয়ালে সম্প্ৰতি উৰুখা চালিৰ তলতে ৰ’দে বৰষুণে জীৱন অতিবাহিত কৰিছে, কাৰণ তেওঁলোকে এটা পকী ঘৰৰ আশাত নিজ ঘৰ ভাঙি আৱাস নিৰ্মাণ কৰিবলৈ বিভাগক সুবিধা কৰি দিছিল ৷

ৰাজহুৱা ধনৰ দুৰ্নীতিৰ এই তথ্য পোহৰলৈ আনিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, বোকাজান জিলা সমিতি নামৰ এটি সংগঠনে ৷ সংগঠনটোৰ সভাপতি, সম্পাদক ক্ৰমে চন্দ্ৰ ৰংপি আৰু চনছিং তিছ’ই সংবাদ মাধ্যমৰ ওচৰত ক্ষোভ প্ৰকাশ কৰাৰ লগতে গ্ৰামোন্নয়ন বিভাগ আৰু কাৰ্বি আংলং স্বায়ত্ব পৰিষদে ৰাজহুৱা ধনৰ বৃহৎ ধন ৰাশি কাৰ জেপত সোমাল তাৰ নিৰপেক্ষ তদন্ত কৰি হিতাধিকাৰীক শীঘ্ৰে ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়।

Exit mobile version