কৰ’নাৰ প্ৰভাৱঃ বিগত পাঁচ মাহত চাকৰি হেৰুৱাইছে ২কোটি লোকে

Amidst Lockdown Assams Unemployment Scenario Loud Clear Thousands Gather to Apply for Temp Jobs in Guwahati

প্ৰায় ২কোটি লোকে চাকৰি হেৰুৱাইছে বিগত পাঁচমাহত ৷ কৰ’না মহামাৰীৰ প্ৰভাৱ বিশ্বৰ লগতে দেশৰ অৰ্থনীতিত ব্যাপক পৰিছে। তাৰ মাজতে Centre For Monitoring Indian Econonomy”য়ে সদৰী কৰে যে ২০১৯-২০ বৰ্ষৰ শেষত দেশত চাকৰিজীৱিৰ সংখ্যা আছিল ৮.৬ কোটি ৷ সেই মুহুৰ্ততে সম্প্ৰতি এই পৰিসংখ্যা হ্ৰাস হৈছেগৈ ৬.৫ কোটি ৷

অৰ্থাৎ তলাবন্ধৰ সময়ত এপ্ৰিল, মে’ মাহত বহু লোকেও নিজৰ কৰ্ম সংস্থাপন হেৰুৱাইছে । ইপিনে CMIE ৰ অনুসৰি আগষ্টত দেশত চাকৰি হেৰুৱাৰ লোকৰ পৰিমাণ ৮.৩৫ শতাংশ । লগতে সংস্থাটোৱে কয় “বিগত বছৰত অৰ্থনীতি ৰেখাচিত্ৰ আৰু মুনাফাৰ হাৰ নিম্নমুখী হোৱাৰ কাৰণ ভাৰতত বেতন বৃদ্ধিৰ গতি হ্ৰাস পাইছে  ৷ কৰ’নাৰ কাৰণে বিশ্বৰ অৰ্থনীতিয়ে মন্দাৰ অৱস্থাত উপনীত হৈছে ।

আনহাতে তলাবন্ধ শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত কিছুমান বেচৰকাৰী কাৰ্যালয়ত পুনৰ কাম আৰম্ভ হৈছে । CMIE তথ্য অনু্যায়ী ২০১৯-২০ বৰ্ষৰ তুলনাত বিগত জুলাইত বেচৰকাৰী ক্ষেত্ৰৰ সংখ্যা ২.৫ শতাংশ বৃদ্ধি হৈছে ৷ সেই সময়তে তলাবন্ধৰ সময়ত চাকৰি সংখ্যা সীমিত হৈছে ২২শতাংশলৈ ৷ বিশেষজ্ঞৰ মতে “তিনি বছৰৰ ব্যৱধানত যদি ভাৰতৰ দৰে বিপুল জনসংখ্যাৰ দেশত চাকৰিৰ সংখ্যা কমি যায় । তেন্তে অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিব ৷”

Exit mobile version