তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ মাৰাথান নিৰ্বাচনী সভা

IMG 20200910 WA0070

“এইবাৰ বিটিচি নিৰ্বাচনত ৩০ৰ পৰা ৪০ খন আসন লাভ কৰি দূৰ্গা পূজাৰ আগে আগে আমি চৰকাৰ গঠন কৰিম”, এই ভাষ্য বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী ৷ তামুলপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত বিপিএফৰ এক মাৰাথান নিৰ্বাচনী সভাত এনেদৰে কয় হাগ্ৰামা মহিলাৰীয়ে ৷ আজি দিনৰ বাৰ বজাত তামুলপুৰ সমষ্টিৰ অন্তৰ্গত ২৭ নম্বৰ নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবিন্দ্ৰ বিশ্বাসৰ সমৰ্থনত নাগ্ৰিজুলী ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত নিৰ্বীচনী সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে পুনৰ কয়, “এইবাৰ নিৰ্বাচনত আমি কোনোটো সমষ্টিত হাৰিম সেইটো বিচাৰিয়েই উলিয়াব পৰা নাই ৷”

আমি নিৰ্বাচনত ইতিমধ্যে জিকিছো বুলি কৈ মহিলাৰীয়ে বিটিচিৰ পাচনৈ চেৰফাংৰ পৰা শ্ৰীৰামপুৰ সমষ্টিলৈ বিপিএফৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হ’ব বুলি ঘোষণা কৰে। হাগ্ৰামা মহিলাৰীয়ে কয় নিৰ্বাচনৰ মাত্ৰ আনুষ্ঠানিকতাহে বাকী ৷ নিৰ্বাচনত জিকাৰ পিছত আমি কি কাম কৰিম তাৰো পৰিকল্পনা কৰিছো ৷ চৰকাৰ গঠন কৰিয়েই আমি প্ৰথমতে বিটিচিত মাটিৰ জৰীপ কৰি পট্টা দিয়াৰ ব্যৱস্থা কৰিম , বিটিচিত বসবাস কৰা কোচ-ৰাজবংশী, বঙালী, ৰাভা, আদিবাসী, গাৰো, গোৰ্খাকে আদি কৰি ১৪ টা জনগোষ্ঠীৰ উন্নয়ন পৰিষদ গঠন কৰিম ৷

বিটিচিত বসবাস কৰা সকলো ধৰ্মাৱলম্বী লোকৰ বাবে বড়োলেণ্ড মিৰ’ৰ নামেৰে এক আঁচনি গ্ৰহণ কৰিম ৷ এই আঁচনিৰ জৰিয়তে বিটিচিত বসবাস কৰা সকলো ধৰ্মৰ লোকৰে নিজ নিজ উপাসনাথলী সমূহৰ উন্নয়ন সাধন কৰা হ’ব ৷ আনহাতে এইবাৰ নিৰ্বাচনত যি সকল বিপিএফৰ প্ৰাৰ্থী জিকি আহিব প্ৰত্যেককে কাৰ্যবাহী সদস্যৰ পদ দিয়া হ’ব ৷ মুখ্য কাৰ্যবাহী সদস্য আৰু উপ-মুখ্য কাৰ্যবাহী পদৰ বাহিৰে বাকী ১৪ টা কাৰ্যবাহী সদস্য হ’ব । প্ৰথমতে তিনি বছৰ আৰু পৰবৰ্তী দুই বছৰৰ বাবে ২৮ গৰাকীয়ে কাৰ্যনিৰ্বাহক সদস্যৰ পদবী লাভ কৰিব ৷

হাগ্ৰামা মহিলাৰীয়ে পুনৰ কয় যে, বিপিএফ দলে বিগত পোন্ধৰে বিটিচিত ৰাষ্টা-ঘাট, দলঙকে আদি কৰি বিভিন্ন উন্নয়ন মূলক কাম কৰিলে ৷ বিটিচিত কত কি সমস্যা আছে বিপিএফেহে ভালদৰে জানে ৷ বিজেপি, ইউপিপিএল বা জেএছপি দলে একো নাজানে ৷ বিপিএফে দলে কৰা চকুত লগা উন্নয়নৰ বাবে বিটিচিবাসী ৰাইজে চতুৰ্থ বাৰৰ বাবে বিপিএফ দলক বিটিচিৰ ৰাজপাটত বহুৱাব ৷

আনহাতে নিজৰ ভাষণত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰি মহিলাৰীয়ে কয় যে, বিটিচিৰ জনসাধৰণক আন্ধাৰত ৰাখি প্ৰমোদ বড়োৱে কেৱল বড়ো জাতিৰ উন্নয়নৰ স্বাৰ্থত বিটিআৰ চুক্তি স্বাক্ষৰিত কৰিছে ৷ ই বড়ো জাতিক নিশেষ কৰিব ৷ সেই প্ৰমোদ বড়োৱে এতিয়া সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা কৈ নিৰ্বাচনী বৈতৰনী পাৰ হ’ব বিচাৰে ৷ আনহাতে তামুলপুৰৰ বিধায়ক ইমানুৱেল ম’ছাহাৰীক কটাক্ষ কৰি মহিলাৰীয়ে কয় যে, অতি শীঘ্ৰে ইমানুৱেল ম’ছাহাৰীয়ে খ্ৰীষ্টান ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিব ৷

আমি কিন্তু খ্ৰীষ্টান ধৰ্মৰ মানুহে হিন্দু ধৰ্ম গ্ৰহণ কৰা কেতিয়াও দেখা নাই ৷ ম’ছাহাৰীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছতহে গম পাব তেওৰ ৰাজনৈতিক ভৱিষ্যত কোন দিশে গতি কৰে ৷ তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২৭ নম্বৰ নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসৰ সমৰ্থনত নাগাপুৰত, ২৬ নম্বৰ দৰংগাজুলী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বিজিত গৌড়া নাৰ্জাৰীৰ সমৰ্থনত আঙাৰকাটাত আৰু ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চণ্ডী বসুমতাৰীৰ সমৰ্থনত মাডাৰবাৰীত আজি অনুষ্ঠিত তিনিখনকৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মহিলাৰীক সংগ দিয়ে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী, সাধাৰণ সম্পাদক উপেন বসুমতাৰী, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, যুৱ বিপিএফৰ কেন্দ্ৰীয় সম্পাদক সোমনাথ বসুমতাৰী, প্ৰাক্তন এমচিএল বনমালী বড়ো, মদন মোহন ম’ছাহাৰীৰ লগতে ভালেকেইজন বিপিএফৰ নেতা কৰ্মীয়ে ৷

Exit mobile version