নিজ দায়িত্বক আগ স্থান দি কৰ’নাৰ বিভীষিকাৰ মাজতে অনুষ্টুপীয়াকৈ বিবাহ সম্পন্ন কাছাৰৰ উপায়ুক্তৰ

WhatsApp Image 2020 09 10 at 5.50.08 PM

বিশ্বৰ লগতে সমগ্ৰ দেশ এতিয়া মহামাৰী কৰ’নাৰ কবলত ৷ কৰ’নাৰ সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰিছে সকলোতে । এই সময়ছোৱাত চৰকাৰৰ লগতে বিভিন্ন বিভাগসমূহে জনসাধাৰণৰ কল্যাণৰ হকে চিন্তা কৰি নিজৰ কাম সমূহ সুচাৰুৰূপে কৰি যাবলৈ যৎপৰোনস্তি চেষ্টা চলাইছে ।

কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ লগতে ৰাজ্যত তলাবন্ধ ঘোষণা কৰিছিল কেন্দ্ৰই । তাৰ ফলত বিভিন্ন সামাজিক অনুষ্ঠানকে ধৰি বহু ক্ষেত্ৰত প্ৰভাৱ পৰিছিল । কৰ’নাৰ ভয়াবহ সংক্ৰমণৰ বাবে বিবাহৰ দৰে সামাজিক অনুষ্ঠান সমূহো স্থগিত কৰি ৰাখিব লগা হৈছিল যদিও কোনো কোনোৱে মাত্ৰ নিৰ্দিষ্ট নিয়মসমূহ মানি বিবাহ সম্পন্ন কৰিছিল ।

ইয়াৰ মাজতে এগৰাকী দায়িত্বশীল IAS বিষয়াৰ বিবাহক লৈ ছ’চিয়েল মিডিয়াত বহু চৰ্চ্চা আৰম্ভ হৈছে । IAS বিষয়াগৰাকী কাছাৰ জিলাৰ উপায়ুক্ত ৷ আনহাতে, ঠিক কৰি থোৱা আছিল বিয়াখন, কিন্তু গুৰুদায়িত্বৰ বাবে নিজ গৃহত বিয়া পতাৰ সম্ভৱ নহ’ল কীৰ্তি জলীৰ ৷ এদিনো ছুটী নোলোৱাকৈ পুনেৰ পৰা দৰাক মাতি আনি শিলচৰৰ চৰকাৰী বাসভৱনত ক’ভিড সাৱধানতাৰ সকলো নীতি-নিয়ম মানি চলি বিবাহত বহে ।

পুনেৰ আদিত্য শশীকান্তৰ সৈতে জাকজমকহীন ভাৱে জিলাখনৰ আটাইকেইগৰাকী অতিৰিক্ত উপায়ুক্তকে ধৰি জিলাখনৰ আৰক্ষী অধীক্ষক আৰু একাংশ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এনেদৰেই বিবাহ সম্পন্ন হৈ যায় কাছাৰৰ উপায়ুক্তগৰাকীৰ । উপায়ুক্তগৰাকীৰ এই পদক্ষেপক প্ৰশংসা কৰি বৈবাহিক জীৱনৰ শুভেচ্ছা জনাইছে শুভাকাংশীসকলে।

Exit mobile version