মহাৰাষ্ট্ৰৰ ৰাজনীতিত কংগনাৰ অস্তিত্ব

924070 fotojet 2020 09 09t163419.685

বলীউডৰ কুইন কংগনা ৰনৌটৰ মুম্বাইস্থিত বাসগৃহ BMCয়ে উচ্ছেদ কৰাৰ পিছত কংগনা আৰু মুখ্যমন্ত্ৰী উৰ্দ্ধৱ থাকৰেৰ মাজত হোৱা বিতৰ্কই চূড়ান্ত ৰূপ লৈছে । এক বিশেষ সূত্ৰৰ মত অনুসৰি শৰদ পাৱাৰ আৰু উৰ্দ্ধৱ থাকৰেৰ মাজত হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰী থাকৰেই কংগনাৰ মন্তব্যৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।যদি কংগনাও এই বিতৰ্কত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে তেন্তে এই বিষয়টোয়ে চৰ্চালৈ নাহিলহেঁতেন ৷এই মন্তব্য শৰদ পাৱাৰৰ ৷

ইয়াৰ পাছতেই উৰ্দ্ধৱ থাকৰেই কয় যে মহাৰাষ্ট্ৰ চৰকাৰে পৰ্যায়ক্ৰমে সকলো ব্যৱস্থা ল’ব ৷ইফালে শৰদ আৰু আৰু উৰ্দ্ধৱ থাকৰেই মাজত হোৱা এই বৈঠকখনত শিৱ সেনাৰ নেতা সঞ্জয় ৰাওটো উপস্থিত আছিল।

উল্লেখযোগ্য যে কংগনাই মুম্বাইৰ কাৰ্যালয়ত উচ্ছেদ কৰাৰ পিছত মুখ্যমন্ত্ৰী উৰ্দ্ধৱ থাকৰেক প্ৰত্যাহ্বান জনায়৷ কংগনাই উদ্ধৰ্ৱ থাকৰেক তই বুলি সম্বোধন কৰি কয়” আজি মোৰ ঘৰ ভাঙিছে,কাইলৈ তোৰ অহংকাৰ ভাঙিব৷জয় মহাৰাষ্ট্ৰ৷তই অনুভৱ কৰিছ ৷তই ছবিৰ মাফিয়াৰ লগত মিলিত হৈ মোৰ ঘৰ ভাঙি মোৰ প্ৰতি থকা প্ৰতিশোধ লৈছ ৷আজি মই এটা প্ৰতিজ্ঞা কৰিছো যে মই কেৱল অযোধ্যাক লৈয়ে নহয় ৷কাশ্মীৰক লৈয়ো ছবি নিৰ্মাণ কৰিম। দেশক প্ৰতিজন নাগৰিকক জাগ্ৰত কৰিম। থাকৰে যি পৰিস্থিতি মোৰ লগত হৈছে তাৰ বহুত কাৰণ আছে। জয় হিন্দ ৷”

ইপিনে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কংগনা ৰানাউট আৰু বলীউডৰ মাজত চলি থকা যুদ্ধ খনে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ কংগনাই বলীউডৰ বহু ৰথী৷মহাৰথীক স্বজনপ্ৰীতিক লৈ কটু ভাষাৰে সমালোচনা কৰে ৷ সম্প্ৰতি এই বিষয়টোত ৰাজনীতিৰ লগত জড়িত বহু ব্যক্তি ৰ নাম সাঙুৰ খাইছে ৷ তাৰ ফলশ্ৰুতিত কংগনাৰ কাৰ্যালয়ত হাতুৰীৰ কোব পৰিল বুলি মন্তব্য কৰিছে একাংশ অনুৰাগীয়ে।

Exit mobile version