সামান্য পানী বটলক লৈ জে ডি এচ এ ফিল্ডত ক’ভিড চেন্টাৰত উত্তপ্ত পৰিস্থিতি

123597 coronavirus 2

যোৰহাটত পুনৰ মৃত্যু দুজনৰ : আজি আক্ৰান্ত ১২৬ জন

যি সময়ত ক’ভিড-১৯ য়ে সমগ্ৰ দেশজুৰি আতংকৰ সৃষ্টি কৰিছে তেনে সময়তে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ (জে ডি এচ এ)খেলপথাৰত স্থাপন কৰা ক’ভিড চেণ্টাৰত যোৱা নিশা সামান্য এটা পানী বটলক লৈ সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিয়ে চিকিৎসা কৰ্মীসকলক হতবাক কৰি তুলিছে ।

উল্লেখ্য যে প্ৰায় ডেৰশ ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকা চেণ্টাৰটোত এটা পানীৰ বটল দিয়াত পলম কৰাক লৈ ৰিদিপ বৰদলৈ নামৰ ৰোগী এজনে কৰ্তব্যৰত চিকিৎসা কৰ্মী এজনক আক্ৰমণৰ চেষ্টা চলায় আৰু কটু বাক্য শুনায়। এই লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পাছত তাত চিকিৎসাধীন আন ৰোগীসকলে চিকিৎসা কৰ্মীক দুৰ্ব্যৱহাৰ কৰা ৰোগীজনৰ বিৰুদ্ধে খড়্গহস্ত হৈ পৰে আৰু পাছত ৰোগীসকলৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰিত হয় ।

এক অসমৰ্থিত সূত্ৰই জনোৱা মতে হুলস্থুল কৰা ৰোগীজনে মদ্যপান কৰি আছিল। আনহাতে, ক’ভিড চেণ্টাৰত চিকিৎসাধীন ৰোগীয়ে কিদৰে সুৰাপান কৰিবলৈ সুবিধা পালে সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যে এই কথা অস্বীকাৰ কৰি জিলা ক’ভিড নডেল বিষয়া বিপুল দাসে এয়া এক সৰু ঘটনা বুলি আখ্যা দি মদ্যপান কৰা বিষয়টো তেওঁৰ জ্ঞাত নহয় বুলি দৈনিক অগ্ৰদূতক জনাইছে।

আনহাতে, ছয় শতাধিক লোক আক্ৰান্ত হোৱা যোৰহাট জিলাত আজি ক’ভিড-১৯ত আক্ৰান্ত হৈ পুনৰ দুজন লোকৰ মৃত্যু হয় । তেওঁলোক হ’ল দিগম্বৰ চুকৰ গোপাল বৰঠাকুৰ (৭৮) আৰু তাঁতী গাঁওৰ অনু হাজৰিকা (৬৩) । ইয়াকে লৈ জিলাখনত এই পৰ্যন্ত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পায় ।

আজি মুঠ ১২৬ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ কথা জিলা প্ৰশাসনে জনাইছে । ইপিনে জিলাখনত এই পৰ্যন্ত মুঠ ৬,৬৪৩ জন ক’ভিডত আক্ৰান্ত হৈছে । অৱশ্যে ইয়াৰে ৫,১৩৯ জন সুস্থ হৈ ঘৰলৈ ঘূৰি যোৱাৰ বিপৰীতে বৰ্তমানো ১,৪৫৩ জন ৰোগী চিকিৎসাধীন হৈ আছে ।

Exit mobile version