স্পুটনিক-ভিক লৈ কেন্দ্রীয় চৰকাৰৰ গুণাগাঁথা

corona vaccine

বন্ধু ৰাষ্ট্ৰ ৰাছিয়াই ক’ভিড-১৯ প্রতিষেধকৰ এই দেশত পৰীক্ষাৰ বাবে ভাৰতক অনুৰােধ জনাইছে । এই তথ্য সদৰী কৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে কয়, অন্যতম বন্ধু ৰাষ্ট্ৰ ৰাছিয়াই সম্প্রতি নতুন দিল্লীক আবেদন কৰিছে। ইয়াৰ বিবেচনা কৰি থকা হৈছে। ৰাছিয়াৰ আবেদন গ্রহণ কৰিলে অক্সফ’র্ডৰ পাছত দ্বিতীয় বিদেশী প্রতিষেধকৰ পৰীক্ষামূলক প্রয়ােগ হ’ব দেশত।

বিগত মাহৰ প্রথম সপ্তাহত ৰাছিয়াই কৰ’না প্রতিষেধক প্রস্তুত কৰিবলৈ সক্ষম হৈছে বুলি দাবী কৰে। স্পুটনিক-ভি নামৰ এই প্রতিষেধকৰ বিৰুদ্ধে বিভিন্ন অভিযােগ আছে । মানৱ দেহত তৃতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়ােগ অবিহনে বজাৰত প্রতিষেধক মুকলি কৰি দিয়াৰ কথা ঘােষণা কৰে ৰুছ বিজ্ঞানীসকলে।

তদুপৰি গৱেষণা সংক্রান্তীয় নানা খুটি-নাটিলৈ সন্দেহৰ প্রশ্ন উত্থাপিত হয়। ফলত আন্তর্জাতিক মহলত একাংশই ইয়াৰ বিৰুদ্ধে সন্দেহ প্রকাশ কৰে যদিও একাধিক দেশে এই প্রতিষেধক ব্যৱহাৰৰ সিদ্ধান্ত গ্রহণ কৰি ৰাছিয়াৰ স’তে আলােচনা আৰম্ভ কৰিছে । মন কৰিবলগীয়া যে বুধবাৰে দেশৰ জনগণৰ ব্যৱহাৰৰ বাবে ৰাছিয়াৰ বজাৰত প্রতিষেধক মুকলি কৰি দিয়া হৈছে ।

আনহাতে, ভাৰতত দেশীয়ভাৱে প্রতিষেধক উৎপাদনৰ ওপৰত আৰম্ভণিৰে পৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে গুৰুত্ব আৰােপ কৰি আহিছে। দেশত কমেও তিনিটা সংস্থাই এই ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা কৰি আছে। এই মর্মে ভাৰত বায়’টেকৰ প্ৰতিষেধকৰ প্রথম পর্যায়ৰ অন্ত পৰিল আৰু দ্বিতীয় পর্যায় আৰম্ভ হ’ব । জাইক’ভ ডিৰ একেদৰে দ্বিতীয় পর্যায় আৰম্ভ হৈছে। দেশৰ বৃহৎ প্রতিষেধক প্রস্তুতকাৰী কোম্পানী ছেৰাম আৰু অক্সফ’ৰ্ডৰ যুটীয়া উৎপাদন প্রতিষেধক ক’ভিশ্বিল্ডৰ তৃতীয় পর্যায় অতি সােনকালে আৰম্ভ কৰা হ’ব।

ভাৰতে এই পর্যন্ত ৰাছিয়াৰ প্রতিষেধকক লৈ নীৰৱতা অৱলম্বন কৰিলেও সম্প্রতি এই প্রতিষেধক ভাৰতত উৎপাদন আৰু ভাৰতবাসীৰ ওপৰত তৃতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়ােগৰ বাবে আগ্রহ প্রদর্শন কৰিছে মস্কোৱে ।

বুধবাৰে স্বাস্থ্য মন্ত্রণালয়ৰ সংবাদমেলত নিটি আয়ােগৰ সদস্য ভি কে প’লে কয়, সম্প্রতি ৰাছিয়াই আমাৰ স’তে যােগাযােগ কৰি ভাৰতীয় সংস্থাসমূহৰ জৰিয়তে ইয়াৰ উৎপাদন আৰু এই দেশত মানৱ দেহৰ তৃতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়ােগৰ ইচ্ছা প্রকাশ কৰিছে । ৰাছিয়াৰ দৰে বিশেষ বন্ধু দেশৰ প্ৰস্তাৱ গুৰুত্ব সহকাৰে বিবেচনা কৰা হৈছে ।

স্বাস্থ্য মন্ত্রণালয়ে ব্যাখ্যা কৰে যে আৰম্ভণিতে এই প্রতিষেধকক লৈ বহু অস্বচ্ছতা আছে । মানৱ দেহত পৰীক্ষামূলক প্রয়ােগৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ৰ গৱেষণা ৰাজহুৱা নকৰাত সন্দেহৰ সৃষ্টি হৈছিল । বর্তমান এই দুই পর্যায়ৰ তথ্য ৰাছিয়াই প্ৰকাশ কৰাত ৰহস্য বহুখিনি আঁতৰিছে ।

Exit mobile version