সাংসদ হিচাপে শপত ল’লে মৃত্যুদণ্ডাজ্ঞাপ্ৰাপ্ত হত্যাকাৰীয়ে

Screenshot 87

গণতান্ত্ৰিক বিধি ব্যৱস্থাত থকা সুৰুঙাৰে সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ সক্ষম হ’ল মৃত্যুদণ্ডাজ্ঞা প্ৰাপ্ত এজন হত্যাকাৰীয়ে । এই ঘটনাটো সংঘটিত হৈছে শ্ৰী লংকাত । যোৱা মঙলবাৰে দ্বীপ ৰাষ্ট্ৰখনৰ আইন সভাৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিছে মৃত্যুদণ্ডাজ্ঞা প্ৰাপ্ত হত্যাকাৰী প্রেমালাল জয়শেখৰে ।

এই হত্যাকাৰীজন দেশখনৰ শাসক দল শ্ৰী লংকা পদুজনা পাৰ্টি (এছ এল পি পি )ৰ সদস্য । এনে লজ্জাজনক ঘটনাৰ প্ৰতিবাদত সদন ত্যাগ কৰে বিৰোধী দলৰ সাংসদসকলে । উল্লেখ্য যে হত্যাৰ অভিযোগত দোষী সাব্যস্ত হোৱা অপৰাধীয়ে শ্ৰী লংকাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে; কিন্তু এই ক্ষেত্ৰত থকা কিছু আইনী জটিলতা তথা সুৰুঙাৰ মাজেৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ী হ’বলৈ সক্ষম হয় জয়শেখৰে ।

এইজন জয়শেখৰে ২০১৫ ৰ নিৰ্বাচনত বিৰোধী দলৰ সমাবেশত গুলিচালনা কৰিছিল । ফলত এজন লোকৰ মৃত্যু হয় । এই ঘটনাৰ গোচৰত যোৱা জুলাইত ফাঁচিৰ ৰায়দান কৰে আদালতে । কিন্তু আদালতৰ ৰায়দানৰ পূৰ্বেই পাঁচ আগষ্টৰ সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল জয়শেখৰে ।

নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব সমাপ্ত হোৱাৰ পাছতহে আদালতে জয়শেখৰক মৃত্যুদণ্ডৰ ৰায়দান কৰিছিল । সেয়েহে হত্যাকাৰী সাব্যস্ত হোৱা সত্বেও জয়শেখৰক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ দিয়া হয় । আদালতৰ নিৰ্দেশ অনুসৰি সংসদৰ সদস্যৰ অধিকাৰ ৰক্ষার্থে মৃত্যুদণ্ডাজ্ঞাপ্ৰাপ্ত আচামী হোৱা সত্ত্বেও আইন সভাৰ দিনটোৰ অধিবেশনত জয়শেখৰক উপস্থিত কৰোৱা হয় ।

অধিবেশন শেষ হোৱাৰ পাছত পুনৰ কাৰাগাৰলৈ উভতাই নিয়া হয় । ইয়াৰ পৰৱৰ্তী দিনটোত জয়শেখৰে শপত গ্ৰহণ কৰে । ইফালে, এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে বিৰোধী শিবিৰ । জয়শেখৰৰ শপত গ্ৰহণৰ বিৰোধিতাৰে ক’লা চাদৰ গাত লৈ সংসদত উপস্থিত থাকে বিৰোধী সাংসদসকল ।

ইয়াৰ পাছত সংবিধান উলংঘাৰ অভিযোগত সাংসদ সকলে সদন ত্যাগ কৰি হত্যাকাৰী সাংসদজনৰ বিৰুদ্ধে ধ্বনিও দিয়ে বিৰোধীয়ে । অভিযোগ অনুসৰি শাসক দলৰ সদস্য হোৱা বাবেই জয়শেখৰে বিশেষ সুবিধা লাভ কৰিছে ।

Exit mobile version