হোজাইত কবৰ খান্দি নৱবিবাহিতা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

suicide representation

হোজাই জিলাৰ মোৰাঝাৰত এগৰাকী নৱবিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যুৰ পাছত আৰক্ষীয়ে কবৰ খান্দি মৃতদেহ উদ্ধাৰ কৰাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । পিতৃগৃহৰ অভিযোগৰ ভিত্তিত কবৰস্থানৰ পৰা আৰক্ষীয়ে উঠালে নৱবিবাহিতা মহিলাৰ মৃতদেহটো ৷

মৃতদেহটো মোৰাঝাৰ থানাৰ অন্তৰ্গত কৰৈয়নি গাঁৱৰ ছাদ্দাম হুছেইনৰ পত্নী শ্বামিমা ইছলাম ওৰফে চামীৰ বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ ২৬ বছৰীয়া যুৱতীগৰাকীৰ এবছৰ পূৰ্বে বিবাহ সম্পন্ন হৈছিল গাঁওখনৰ ছাদ্দাম হুছেইনৰ লগত ৷ বিয়াৰ পিছৰেপৰা মহিলা গৰাকীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ কৰিছে পিতৃ পৰিয়ালে।

বৃহস্পতিবাৰে স্বামীগৃহত মহিলাগৰাকীৰ ৰহস্যজনক মৃত্যু হোৱাত স্বামীগৃহৰ লোকে আৰক্ষীক খবৰ নিদিয়াকৈ অজ্ঞাতে জানাজা সম্পন্ন কৰি কবৰস্থ কৰিছিল মোৰাঝাৰ আৰু কপাহবাৰী অঞ্চলৰ এখন কবৰস্থানত ৷

ইয়াৰ পিছতে মহিলাগৰাকীক স্বামীগৃহৰ লোকে হত্যা কৰা বুলি মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰে আৰক্ষীক ৷ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মোৰাজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আজি মৃতদেহটো কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

মৃতদেহটোৰ শৰীৰৰ কে’বাঠাইত আঘাতৰ চিন প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে ৷ এয়া হত্যা নে আন কিবা, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব । সম্প্ৰতি মহিলাগৰাকীৰ মৃতদেহ কবৰৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা ঘটনাই হোজাই জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Exit mobile version