অৰুণাচলত নিৰুদ্দেশ হোৱা পাঁচজন যুৱকক উদ্ধাৰ কৰি ঘৰলৈ পঠিয়ালে ভাৰতীয় সেনাই

VBK INDIA CHINA REUTERS

অৰুণাচল প্ৰদেশ সেউজীয়া প্ৰকৃতিৰ কাৰণে বিখ্যাত ।ইয়াৰ ঘণ অৰণ্যত বিভিন্ন ঔষধীয় গছেৰে ভৰপূৰ ৷ৰাজ্যখনত কিছুমান লোক এনেধৰণৰ অৰণ্যত হেৰাই যায় ৷ভাৰতীয় সেনা বাহিনীয়ে তৎপৰতাৰে এনে ধৰণৰ লোকসকলক উদ্ধাৰ কৰিবলৈ সদায় সক্ৰিয় হৈ থাকে ৷চলিত বৰ্ষত এনে ঘন অৰণ্যত হেৰাই যোৱা তিনিটা ঘটনা সংঘটিত হৈছে ।

প্ৰত্যেক বাৰেই ভাৰতীয় সেনাই এনেধৰণৰ লোকসকলক ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰিছে ৷শেহতীয়াকৈ পশ্চিম চিৰাং জিলাত এনেকৈয়ে পাঁচজন ব্যক্তি হেৰাই গৈছিল ৷ ভাৰতীয় সেনাই তেওঁলোকক ট্ৰেছ কৰি PLAৰ লগত সম্পৰ্ক স্থাপন কৰি লোককেইজনক উদ্ধাৰ কৰে। ব্যক্তিকেইজন ক’ভিড প্ৰট’কল অনুসৰি ১৪ দিনৰ কোৱাৰেন্টাইনৰ পিছত পৰিয়ালক চমজাই দিয়া হয় ।

Exit mobile version