চিৰাং জিলা আক্ৰাছু গোটৰ নতুন জিলা সভাপতি হিচাপে নিৰ্বাচিত বিমল বৰ্মন

172125f1 b7df 4d86 b8a1 97f520181e87

আজি চিৰাং জিলাৰ চিদলীত আক্ৰাছু(অৰুণ ৰায়)গোটৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনক চিদলীত সমদল কৰি আদৰি আনে আক্ৰাছুৰ চিৰাং জিলা সমিতিয়ে । জিলা সমিতিৰ সভাপতি মণিৰাম ৰায়ে পদত‍্যাগ কৰি কৰ্মেশ্বৰ গোটত যোগদানৰ পিচত আজি তাৎক্ষণিক ভাৱে জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয় কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ উপস্থিতিত।

বিমল বৰ্মনক ভাৰপ্ৰাপ্ত জিলা সভাপতিৰ দ্বায়িত্ব অৰ্পন কৰে ।আজিৰ এইখন সভাতে কৰ্মেশ্বৰ ৰায় গোটত যোগদান কৰা আটাইকেইজনক বহিষ্কাৰ কৰা হয় বুলিও জনায় জিলা সম্পাদক শংকৰ ৰায়ে ।শুক্ৰবাৰে অৰুণ ৰায় গোট আক্ৰাছুৰ চিৰাং জিলা সভাপতি মণিৰাম ৰায়ে পাঁচটাকৈ আঞ্চলিক সমিতি সহ পদত‍্যাগ কৰি কৰ্মেশ্বৰ ৰায়গোটত যোগদান কৰিছিল। সেয়ে আজি অৰুণ ৰায় গোটৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সভাৰ দ্বাৰা তেওঁলোকক বহিষ্কাৰ কৰি ভাৰপ্ৰাপ্ত সভাপতি বাচনি কৰে ।

Exit mobile version