তলাবন্ধ সময়ছোৱাত পাচলি খেতিৰে স্বাৱলম্বী ছিপাঝাৰৰ মহিলা ক্ষীৰদা শইকীয়া

20200910 165136

?

কৰ’না মহামাৰীৰ বাবে হোৱা তলাবন্ধ সময়ছোৱাত জুৰুলা হোৱা আৰ্থিক সকাহ পাবলৈ ছিপাঝাৰৰ স’লপাম গাঁৱৰ মহিলা এগৰাকীয়ে পাচলি খেতি কৰি সম্প্ৰতি অঞ্চলটোৰ এক আদৰ্শ হৈ পৰিছে । স্মৰ্তব্য যে,ছিপাঝাৰৰ স’লপাম গাঁৱৰ ক্ষীৰদা শইকীয়াই তলাবন্ধ সময়ছোৱাত ঘৰৰ চৌহদতে পৰীক্ষামূলকভাৱে ভোল,জিকা,ভেণ্ডি,লেচেৰা,অমিতা, কোমোৰা,ৰঙালাউ,জাতি লাউ,ভোট জলকীয়া আৰু জাতি জলকীয়াৰ খেতি কৰে।

ADVERTISEMENT

এই ক্ষেত্ৰত বিভিন্ন পাচলিৰ বীজ যোগান ধৰিছিল কৃষি বিভাগৰ কৰ্মচাৰী সুশীল কুমাৰ শইকীয়া আৰু অন্যান্য কামত সহায় কৰিছিল স্থানীয় ব্যক্তি নবীন চন্দ্ৰ নাথে । তাকৰীয়া মাটিত বৈজ্ঞানিকভাৱে পাচলিৰ খেতি কৰি নিজে উভৈনদীকৈ খোৱাৰ উপৰি তলাবন্ধ সময়ছোৱাত আত্মীয় লোক,চুবুৰীয়া লোক সকলক বিভিন্ন পাচলি যোগান ধৰি বদান্যতাৰ পৰিচয়েৰে ক্ষীৰদা শইকীয়া এক আদৰ্শ হৈ পৰিছে ।

বিভিন্ন পাচলি উৎপাদিত হোৱাৰ পাছতো পাচলিবোৰ বিক্ৰী নকৰি ইষ্ট-কুটুম্ব, ওচৰ-চুবুৰীয়াক ভগাই দিয়াৰ কাৰণ সোধাত মহিলা গৰাকীয়ে কয়”বিশ্বত কৰ’না মহামাৰীয়ে সংহাৰ ৰূপত ধাৰণ কৰি মানুহৰ বিপৰ্যয় মাতি আনিছে।ইয়াৰ প্ৰভাৱ আমাৰ -অসমতো পৰিছেহি। তলাবন্ধ সময়ছোৱাত মানুহে মানুহৰ বাবে চিন্তা কৰা এনে আদৰ্শ সাৰোগত কৰিয়েই তলাবন্ধ সময়ছোৱাত জুৰুলা হোৱা কিছু লোকক পাচলি দান কৰি আনন্দিত হৈছো। “ইয়াত মই বিশেষ আনন্দ লাভ কৰিছো।তলাবন্ধ সময়ছোৱাত জুৰুলা হোৱা লোকক সামান্যতম সহায় কৰি ৰাইজৰ মাজত প্ৰিয়পাত্ৰী হোৱা ছিপাঝাৰৰ স’লপামৰ গাঁৱৰ মহিলা গৰাকীৰ আদৰ্শ অনুকৰণীয় বুলি অঞ্চলটোৰ ৰাইজৰ মাজত চৰ্চিত হৈছে ।

Exit mobile version