আক্ৰান্তক মুকলিকৈ ঘূৰি ফুৰাৰ সুযোগ স্বাস্থ্যকৰ্মীৰ

123597 coronavirus 2

অতিমাৰী কৰ’নাৰ ভয়াৱহতাক গুৰুত্বহীন কৰি তুলিছে স্বয়ং স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ৷ ইয়াৰ সুযোগতে ৰাজ্যৰ একাংশ অসচেতন লোকে কৰ’নাক “পানী লগা জ্বৰ” কিম্বা “জয় বাংলা”ৰে তুলনা কৰি ওভতগোৰে নাচিছে ৷ ফলত দ্ৰুতমুখী হৈছে কৰ’নাত আক্ৰান্ত সংখ্যা । ইয়াৰ কাৰণে অসচেতন লোকৰ লগতে স্বাস্থ্য বিভাগৰ লোকো সমানে জগৰীয়া ।

স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে বিগত মাৰ্চৰ পৰা ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত আছে যদিও এই পৰ্যন্ত কেৱল আগষ্টতে সৰ্বাধিক ৬৮,৭৭১জন লোক কৰ’নাত আক্ৰান্ত হয় । চলিত ছেপ্টেম্বৰৰ ভিতৰত এই অভিলেখ ভংগ হোৱাটো প্ৰায় নিশ্চিত ৷ অসচেতন লোকৰ লগতে স্বাস্থ্য বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত দায়িত্বহীনতা কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ অন্যতম কাৰণ ৷

এই সম্পৰ্কত সূত্ৰটোৱে জনোৱা মতে, কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰি সুদীৰ্ঘ ছমাহে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে স্বয়ং স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ বাবে সময়ে সময়ে নীতি নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য বিভাগে ৷ কিন্তু এই নীতি নিৰ্দেশনাসমূহৰ অধিকাংশই কাগজে কলমে সীমাবদ্ধ হৈ আছে।

ফলত, স্বাৱ সংগ্ৰহ নকৰা লোকলৈয়ো ফলাফলৰ বাবে অপেক্ষাৰ আহ্বান জনাই সংশ্লিষ্ট লোকৰ ম’বাইললৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে । কেৱল সেয়াই নহয়, চিকিৎসক নাৰ্ছ তথা স্বাস্থ্যকৰ্মীয়ে সুৰক্ষাজনিত কাৰণত পৰিধান কৰা পি পি ই কিট য’তে ত’তে পেলাই দিয়াই নহয়, কৰ’নাত আক্ৰান্ত লোকক বাট কুৰি বাই সম্পূৰ্ণ অকলশৰে ক’ভিড স্ত্ৰীনিং কৰাবলৈ খাদ্য সামগ্ৰী অনাৰ বাবে স্বাস্থ্য কৰ্মীয়ে অনুমতি দিয়াৰ ঘটনাও সংঘটিত হৈছে স্বয়ং মহানগৰীত ।

ক’ভিড আক্ৰান্ত লোকক যদি এইদৰে টলৌ টলৌ কৈ বজাৰে সমাৰে ঘূৰি ফুৰাৰ বাবে স্বয়ং দায়িত্ববাহী স্বাস্থ্যকৰ্মীয়ে সুযোগ প্ৰদান কৰে। তেন্তে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ হ’ব নে দ্ৰুতহাৰত বৃদ্ধি পাব সেয়া সহজেই অনুমেয় বুলি সূত্ৰটোৱে জনায় । এয়া মাত্ৰ এক উদাহৰণহে ৷

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰম পণ্ড কৰি বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে প্ৰথমৰ পৰা পদ্ধতিগতভাৱে আৰম্ভণিৰে পৰা এনে ভয়াৱহ ষড়যন্ত্ৰত লিপ্ত হৈ আছে। ইয়াৰ বাবে সম্প্ৰতি এনেধৰণৰ প্ৰশ্ন উত্থাপিত হোৱা বুলি সূত্ৰটোৱে জনায় ৷

Exit mobile version