কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কৰ’না মহামাৰীৰ পৰা সুস্থ হোৱা ৰোগীৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিৰ্দেশনাত প্ৰতিদিনে যোগাসন কৰা, প্ৰাণায়াম কৰাকে ধৰি বহু নিৰ্দেশ দিছে মন্ত্ৰণালয়ে । লগতে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ ৰোগীয়ে পুৱা-গধূলি শৰীৰৰ অনুমতি সাপেক্ষে খোজ কঢ়াৰ বিষয়ে উল্লেখ আছে নিৰ্দেশনাত ৷
ADVERTISEMENT
কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীসকলক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আৰু কি কি বিধান দিছে চাওঁ আহক-
- পৰিস্কাৰ-পৰিচ্ছনতা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগে ৷ লগতে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে।
- পৰ্যাপ্ত পৰিমাণে গৰম পানী খাব লাগে ৷ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে হালধী মিহলোৱা গাখীৰ খোৱাটো প্ৰয়োজন ৷
- যদি শৰীৰে অনুমতি দিয়ে তেন্তে ঘৰৰ কাম কৰিব পাৰে । আৰু কাৰ্যালয়ৰ কাম লাহে লাহে আৰম্ভ কৰিব পাৰে।
- চিকিৎসকৰ পৰামৰ্শমতে উশাহ-নিশাহৰ ব্যায়াম কৰক ৷ সহজে হজম হোৱা আহাৰ গ্ৰহণ কৰক । লগতে পুষ্টিকৰ আহাৰ খাব ৷
- পৰ্যাপ্ত পৰিমাণে টোপনি যাওঁক । সুৰা আৰু ধূমপান কৰাৰ পৰা বিৰত থাকক ।
- কৰ’নাৰ কাৰণে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী দিয়া ঔষধ গ্ৰহণ কৰক । ঘৰতে শৰীৰৰ উত্তাপ, উচ্চ ৰক্তচাপ, চুগাৰ আদি জুখি থাকিব ৷ শুকান কাঁহ আহিলে নিমখ আৰু গৰম পানীৰে গাৰ্গল কৰিব ৷ গৰম পানীৰ ভাপ ল’ব পাৰে । চিকিৎসকৰ পৰামৰ্শমতে কাঁহৰ ঔষধ খাব পাৰে।
- লগতে জ্বৰ, উশাহ-নিশাহত কষ্ট, বুকু বিষ আদি লক্ষণসমূহক অৱজ্ঞা নকৰিব ৷