বিধ্বংসী অগ্নিকাণ্ডই এফালৰ পৰা দহন কৰি নিছে আমেৰিকাৰ পশ্চিম উপকূলৰ বিস্তৃত অঞ্চল । দেশখনৰ ১২ খন প্রদেশৰ বনাঞ্চলক অগ্নিৰ লেলিহান শিখাই ছাৰখাৰ কৰি নিছে। কেলিফর্ণিয়া, অৰেগন, ৱাশ্বিংটন আদিৰ বহু স্থান বহিঃবিশ্বৰ পৰা বর্তমান বিচ্ছিন্ন হৈ পৰিছে। এই বিধ্বংসী অগ্নিকাণ্ডত এতিয়ালৈ ২০ জনৰাে অধিক লােকৰ মৃত্যু হােৱাৰ লগতে পাঁচ লাখৰাে অধিক লােকে জীৱনকলৈ ঘৰ- বাৰী এৰি সুৰক্ষিত স্থানলৈ ঢাপলি মেলিব লগা হৈছে।
ইতিহাসত ইয়াৰ পূর্বে আমেৰিকাত এনে বৃহৎ অগ্নিকাণ্ড সংঘটিত হােৱাৰ দৃষ্টান্ত নাই। যােৱা বছৰ অষ্ট্রেলিয়াত ৰুদ্ৰৰূপ ধাৰণ কৰা অগ্নিকাণ্ডতকৈও এই অগ্নিকাণ্ড বৃহৎ বুলি বিবেচিত হৈছে। অগ্নিকাণ্ডৰ সমান্তৰালভাৱে বৃদ্ধি পােৱা তাপমাত্রাই নতুন অভিলেখ সৃষ্টি কৰিছে। কেলিফর্ণিয়াত যােৱা মাহতে আৰম্ভ হােৱা এই অগ্নিকাণ্ডই শুকান বতৰৰ বাবে ক্রমে ছাৰখাৰ কৰি নিছে এটাৰ পাছত আনটো অঞ্চল।
কেলিফর্ণিয়াৰ বাবে ইতিমধ্যে বৃহৎ বিপর্যয় হিচাপে বিবেচিত হৈছে এই অগ্নিকাণ্ড প্রদেশখনৰ গৱৰ্ণৰে পৰিস্থিতিৰ গুৰুত্ব অনুভৱ কৰি ভুক্তভােগীৰ মাজত আর্থিক সাহায্য বিতৰণৰ বাবে ৰাজকোষৰ দুৱাৰ মুকলি কৰি দিছে । এই ক্ষেত্ৰত ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পেও সঁহাৰি জনাইছে। কিন্তু প্রশাসনৰ সক্রিয়তা সত্ত্বেও পৰিস্থিতি নিয়ন্ত্রণলৈ অনাত ব্যর্থ হৈছে। বৰঞ্চ পৰিস্থিতি অৱনতিৰ দিশেহে গতি কৰিছে।
কেলিফর্ণিয়াৰ পৰাই অন্যান্য প্রদেশলৈকো বিয়পি পৰিছে জুইৰ লেলিহান শিখা। বর্তমানলৈ শতাধিক উৎসৰ পৰা অগ্নিকাণ্ড সম্প্রসাৰিত হােৱাৰ তথ্য পােহৰলৈ আহিছে। অৰণ্যৰ পৰা ক্রমে জনাঞ্চললৈকো আগবাঢ়ি আহিছে অগ্নিশিখা। বিধ্বংসী এই অগ্নিকাণ্ডৰ ফলত আকাশৰ ৰং ৰঙা হৈ পৰিছে। অত্যাধিক ধোঁৱাৰ বাবে দিনতেই বহু অঞ্চলত নিশাৰ দৰে অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
অৰেগন প্রদেশৰ অগ্নিনির্বাপক বাহিনীৰ বিষয়া ৰিচ টেলৰে জনােৱা অনুসৰি ঘৰ-দুৱাৰ জুইত জাহ যােৱাৰ সময়ত গেছৰ পাইপ লাইন বিলাক খােলা অৱস্থাতে আছে। ফলত অধিক হাৰত সম্প্রসাৰিত হৈ পৰিছে অগ্নি। প্রদেশখনৰ গৱৰ্ণৰ কেট ব্রাউনে জনাইছে যে ইয়াৰ পূর্বে ইমান বৃহৎ অগ্নিকাণ্ড অৰেগনত সংঘটিত হােৱা নাছিল । বতৰ পৰিৱর্তনৰ ফলতে এনে বিধ্বংসী অগ্রিকাণ্ড সংঘটিত হােৱাৰ অনুমান কৰা হৈছে ।
প্রদেশখনত এতিয়ালৈ এই অগ্নিকাণ্ডত কমেও চাৰিজন লােকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত এটি ১২ বছৰ বয়সীয়া কিশােৰাে আছে। মাক আৰু আইতাকৰ স’তে ঘৰ এৰি আঁতৰি অহাৰ সময়তে কিশােৰজন জুইৰ গ্রাসত পৰে। মাতৃৰ শৰীৰাে দগ্ধ হৈছে। মৃত্যু হৈছে পােহনীয়া কুকুৰটোৰাে। প্রদেশখনৰ ৯০০.০০০ একৰ অঞ্চলত থকা বৃহৎ সংখ্যক জীৱ-জন্তুৰ বাবেও এই বিধ্বংসী অগ্নিকাণ্ডই সংকট কঢ়িয়াই আনিছে ।
ইতিমধ্যে বহু জীৱ-জন্তুৰ মৃত্যুও হৈছে। অৰেগনত শেহতীয়া ৭২ ঘণ্টাত হােৱা ক্ষয় ক্ষতি প্রদেশখনৰ গড় বার্ষিক আয় প্রায় দুগুণ হ’বগৈ। প্রদেশখনৰ পাঁচখন চহৰ এই অগ্নিকাণ্ডত প্রায় সম্পূর্ণভাৱে ধ্বংসপ্রাপ্ত হৈছে। কেলিফর্ণিয়াত শুকুৰবাৰৰ দিনটোতে ৭৪৬.০০০ একৰৰ খেতিপথাৰৰ শস্য ক্ষতিগ্রস্ত হৈছে। তাপমাত্রা বৃদ্ধি পােৱাত পােনপটীয়াভাৱে জুইৰ সংস্পৰ্শলৈ নহাকৈও বহু পথাৰত শষ্য শুকাই গৈছে।
কেলিফর্ণিয়াত ৩.১ নিযুত এক অঞ্চল অগ্নিৰ গ্ৰাসত পৰিছে। অগ্নিৰ দাবানল সহিব নােৱাৰি সকলােৱে ঘৰ-দুৱাৰ এৰি সুৰক্ষিত স্থানলৈ পলাবলৈ ধৰিছে। আৰক্ষীয়ে ঘৰ এৰি নােযােৱাসকলক ঘৰ এৰিবলৈ বুজনি দিয়াটো পৰিলক্ষিত হৈছে। বাশ্বিংটনৰ গৱৰ্ণৰ জে ইনছলিয়েও প্রদেশখনত অগ্নিত দগ্ধ হৈ মানুহৰ মৃত্যু হােৱাৰ কথা স্বীকাৰ কৰিছে ।
মৃতলােকৰ সংখ্যাই কেলিফর্ণিয়াত ইতিমধ্যে দহৰ সংখ্যা পাৰ কৰিছে। কেলিফর্ণিয়াত বেচৰকাৰীভাৱে মুঠতে ১৭ জন লােকৰ মৃত্যু হােৱা বুলি দাবী কৰা হৈছে। বহু লােকৰ ধোঁৱাৰ বাবে শ্বাস-প্রশ্বাস ল’ব নােৱাৰাৰ বাবেও মৃত্যু হােৱা বুলি অনুমান কৰা হৈছে।