দিল্লীৰ এইমছত দেহাৱসান ৰঘুবংশ সিঙৰ

raghu 571 855

বিহাৰৰ প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন আৰজেডি নেতা ৰঘুবংশ প্ৰসাদ সিঙৰ দেওবাৰে পুৱা দিল্লীস্হিত এইমছত মৃত্যু ঘটে। ৭৫ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে জুন মাহত লালু প্ৰসাদ যাদৱৰ দলৰ পৰা পদত্যাগ কৰিছিল। কিছুসময়ৰ আগেয়ে সকলোকে সচকিত কৰি টুইট কৰিছিল যে, “প্রিয় ৰঘুবংশ বাবু ! এয়া আপুনি কি কৰিলে?”

উল্লেখ্য যে, ৰঘুবংশ সিঙৰ জুনত ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল আৰু তাৰ পিছত পাটনাৰ এইমছত ভৰ্ত্তি কৰোৱা হৈছিল। পুনৰ তেঁওক ক’ভিডৰ জটিলতাৰ সমস্যাৰ চিকিৎসাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। বিগত দুদিনত তেখেতৰ স্বাস্থ্যৰ বহু পৰিমাণে অৱনতি ঘটে আৰু ভেন্টিলেটৰত ৰখাৰ ব্যৱস্থা কৰে ।

আনহাতে সূত্ৰত প্ৰকাশ যে, শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভূগি আজি পুৱা প্ৰায় ১১ বজাত সিঙে শেষ নিশ্বাস ত্যাগ কৰে । প্ৰায় চাৰি দশকৰ ৰাজনীতিবিদ ৰঘুবংশ প্ৰসাদ সিঙক দেশৰ গ্ৰামীণ ও কৃষিক্ষেত্ৰৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হৈছিল ।

Exit mobile version