কাইলৈৰ পৰা অনুষ্ঠিত হ’ব সংসদীয় অধিবেশন

Parliament

এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি কাইলৈৰ পৰা আৰম্ভ হ’ব লগা সংসদীয় অধিবেশনত ভাৰত-চীন সীমান্তৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা হ’ব পাৰে । আজি সংসদীয় অধিবেশনৰ সন্দৰ্ভত হোৱা বৈঠকত ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত আলোচনা হয় ।

আনহাতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনৰ সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত বিৰোধী পক্ষই নৰেন্দ্ৰ মোডী চৰকাৰক বিভিন্ন সমালোচনাৰে থকা সৰকা কৰিছে ৷ ইপিনে পাংগং হ্ৰদৰ লগতে অন্যান্য অঞ্চলত পিপুল্স লিবাৰেচন আৰ্মীয়ে বিভিন্ন সময়ত উত্তেজনাৰ সৃষ্টি কৰি আহিছে ।

উল্লেখযোগ্য যে ১৫ জুনত লাডাখত ভাৰত-চীন সীমান্ত সংঘৰ্ষত ২০জন ভাৰতীয় সেনা ছহিদ হৈছিল । ইয়াৰ পিছৰে পৰা ভাৰত-চীন সীমান্তত উত্তেজনা অব্যাহত আছে ৷ ২৯ আৰু ৩০ আগষ্টত পুনৰ চীনে ভাৰতৰ প্ৰতি আক্ৰমণাত্মক ভাৱেৰে আগবাঢ়ি আহে যদিও ভাৰতীয় উচিত প্ৰত্যুত্তৰ দি ওভতাই পঠিয়াই চীনক ।

ইপিনে ২৯ আৰু ৩০ আগষ্টত ভাৰতীয় সেনাই চীনক দিয়া উচিত প্ৰত্যুত্তৰৰ পিছত চীনে এতিয়া সীমান্তত সেনা নিয়োগ কৰিছে ৷ ভাৰত-চীন সীমান্তত প্ৰতিবাৰেই চীনে সকলো চুক্তি উলংঘা কৰি আহিছে ৷ তাৰ মাজতে সাত ছেপ্তেম্বৰটো ভাৰতীয় সেনা বাহিনীয়ে চীনা সৈন্যক সীমান্তৰ পৰা পিছুৱাবলৈ সক্ষম হয় ।

আনহাতে স্পানগুৰ হ্ৰদৰ আশে পাশে চীনে দুটা সেনা বাহিনীৰ দল নিয়োগ কৰে ৷ এইসকলো সেনা বাহিনী শিখৱানত থকা ৬২ কামাণ্ড আৰ্ম ফৰ্চ ব্ৰিগ্ৰডৰ অংশ । ভাৰতীয় সেনাৰ মতে যোৱা ২৯-৩০ আগষ্টত পাংগঙৰ হ্ৰদৰ ১৪ হেজাৰ ফুট উচ্চতাত চীনা বাহিনীয়ে দুবাৰকৈ অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল ।

এক নতুন অঞ্চলেৰে চীনে একপক্ষীয়ভাৱে স্থিতাৱস্থা সলনি কৰিবলৈ চেষ্টা চলোৱা বুলি ভাৰতে অভিযোগ কৰি আহিছে ৷ ভাৰত চৰকাৰৰ স’তে পাংগং হ্ৰদৰ দক্ষিণ পাৰেৰে চীনৰ এই অনুপ্ৰবেশৰ প্ৰচেষ্টা পূৰ্বৰে পৰা সস্ত্ৰম হৈ থকা বাবে প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই।

Exit mobile version