চিৰাঙৰ ছাপাগুৰিত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই যুৱক

WhatsApp Image 2020 09 13 at 8.12.04 PM

আজি বিয়লি ৩.৪৫ বজাত চিৰাঙৰ ছাপাগুৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলায় । অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে বিশেষ সূত্ৰত পোৱা তথ্যৰ ভিত্তিত চলোৱা অভিযানত কলগাছীয়া বনঘুগি গাঁওৰ লিটন আলহাদি(৩২) আৰু যোগিঘোপাৰ ছেদামাৰীৰ আৰিফুদ্দিন আহমেদ(৩২) নামৰ যুৱক দুজনক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

যুৱক দুজনৰ পৰা পাঁচটা ড্ৰাগছৰ কন্টেইনাৰসহ ৭৮০ টা নিচা জাতীয় বড়ি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । আৰক্ষীয়ে স্থানীয় লোকৰ উপস্থিতিত এএচ১৯জি-৬১৮০ নম্বৰৰ হিৰোহোণ্ডা স্পেলণ্ডাৰ মটৰ ছাইকেল, নগদ ১৪৭১ টকা জব্দ কৰিছে ৷

গ্ৰেপ্তাৰ লোক দুজনৰ বিৰুদ্ধে ঢালিগাঁও থানাত ৩৪৯ নম্বৰ গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জানিবলৈ দিছে ।

Exit mobile version