দিল্লীত বিশ্বৰ বৃহত্তম ক’ভিড-১৯ কেয়াৰ চেণ্টাৰৰ পৰা ডিচাৰ্জ দিয়া হয় ২,৪৫৪ জন ৰোগীক

Delhi Covid Care Centre 1593952271

ইণ্ডো-তিবেতিয়ান সীমান্ত আৰক্ষীৰ দ্বাৰা পৰিচালিত ১০ হেজাৰ বিচনাযুক্ত বিশ্বৰ বৃহত্তম ক’ভিড কেয়াৰৰ সুবিধা থকা চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা সফলতাৰে চিকিৎসাৰ অন্তত ২,৪৫৪ জন ৰোগীক ডিচাৰ্জ দিয়া হয়।

ADVERTISEMENT

উল্লেখ্য যে, আইটিবিপিৰ দ্বাৰা সফলতাৰে সম্পূৰ্ণ কৰা পৰীক্ষণৰ পাছত কেন্দ্ৰই আনুষ্ঠানিকভাৱে ৫ জুলাইৰ পৰা শুশ্ৰূষা আৰম্ভ কৰে । এই পর্যন্ত কেন্দ্রটিত ৩,৯২১ জন ৰোগী ভৰ্তি কৰোৱা হয় । ইয়াৰে ভিতৰত সফলতাৰে চিকিৎসা কৰাৰ অন্তত ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ২,৪৫৪ জন ৰোগীক ।

এই পৰ্যন্ত আটাইতকৈ বেছি বয়সস্থ ৭৮ বছৰীয়া ৰোগী আৰু সকলোতকৈ কনিষ্ঠ ১৭ দিনীয়া শিশুকো এই কেন্দ্রটিত চিকিৎসা কৰা হৈছিল । আইটিবিপিয়ে প্ৰকাশ কৰা সূত্ৰ অনুসৰি সমাজৰ সকলো স্তৰৰ লোককে বিনামূল্যে সকলো সুবিধা প্ৰদান কৰা হৈছিল ।

আনহাতে, কেন্দ্ৰটিত ৮০০তকৈ অধিক চিকিৎসাকৰ্মীৰ ব্যৱস্থা কৰা হৈছিল। বিশেষজ্ঞ চিকিৎসককে ধৰি কে’বাজনো চিকিৎসক অধিকাৰী(চিকিৎসক), ফাৰ্মাচিষ্ট আৰু প্ৰায় ৬০০ তকৈ অধিক সুৰক্ষাকর্মী এই কেন্দ্রটিত জড়িত হৈ আছে ।

Exit mobile version