বৰ্বৰতাৰ সীমা চেৰাই গৈছে উত্তৰ কোৰিয়াৰ শাসক কিমে

200421 kim jong un mc 1006 2 d07e7e57a0277fe179eaccd1bc13408f

NORTHKOREA-POLITICS/

বৰ্বৰতাৰ চূড়ান্ত সীমা চেৰাই গৈছে উত্তৰ কোৰিয়াৰ একচেত্ৰী সম্ৰাট কিম জং উনে ৷ আজি কিছুদিন পূৰ্বে উত্তৰ কোৰিয়াত কৰ’না ভাইৰাছ হোৱা লোকসকলক হত্যা কৰা কিমে এইবাৰ হত্যা কৰিলে কেইজনমান বিষয়াক ৷ বিষয়া কেইজনৰ দোষ এটাই তেওঁলোকে কিমক প্ৰশ্ন কৰিছিল দেশৰ অাৰ্থিক অৱস্থাৰ বিষয়ে । কাৰণ উত্তৰ কোৰিয়াৰ আৰ্থিক মন্ত্ৰণালয়ৰ মুখ্য হৈছে কিম ৷

ইয়াৰ পিছতেই কিমে বিভাগীয় সকলো লোককে মাতি আনি বৈঠক অনুষ্ঠিত কৰে । লগতে বৈঠকত উপস্থিত সকলোকে ষড়যন্ত্ৰ কৰি পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে বিষয়াকেইজনে উত্তৰ কোৰিয়াৰ শাসন দুৰ্বল কৰিবলৈহে চেষ্টা কৰিছে। আৰু ইয়াৰ পাছতেই বিষয়াকেইজনক গুলীয়াই হত্যা কৰা হয়। আৰু তেওঁলোকৰ পৰিয়ালক এটা কেম্পত ৰখা হৈছে ।

অৱশ্যে কিম জঙ উনৰ বৰ্বৰতা এইয়া প্ৰথম নহয় ৷ পূৰ্বতে কিমে নিজৰ সতীয়া ভাইকো মালেছিয়াত গুলীয়াই হত্যা কৰিছিল কিমে। উত্তৰ কোৰিয়াৰ বিৰুদ্ধে গুপ্তচৰ কৰাৰ অভিযোগত ২০১৫ৰ ফ্ৰেব্ৰুৱাৰীত মালেছিয়া বিমানবন্দৰত দুগৰাকী যুৱতীয়ে বিষাক্ত পিনেৰে হত্যা কৰে কিমৰ ভাতৃক।আনহাতে কিছুদিন পূৰ্বে কিমে ভগ্নীকো হত্যা কৰাৰ খবৰে চৰ্চা লাভ কৰিছিল ।

উল্লেখযোগ্য যে উত্তৰ কোৰিয়াত এতিয়ালৈকে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাৰ পৰিমাণ জানিব পৰা হোৱা নাই । ইপিনে তথ্য অনুসৰি উত্তৰ কোৰিয়া স্বাস্থ্য সেৱা অত্যন্ত দুৰ্বল ৷ যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ কোৰিয়াই কৰ’নাত আক্ৰান্ত লোকক গুলীয়াবলৈ নিৰ্দেশ দিছে । লগতে কৰ’নাৰ পৰা ৰক্ষা পাবলৈ উত্তৰ কোৰিয়াই চীনৰ সীমান্ত বন্ধ কৰি দিছে।`

Exit mobile version