মহাৰাষ্ট্ৰৰ ৰাজ্যপালে তেওঁৰ কন্যাৰ দৰে মোৰ সকলো কথা শুনিছেঃ কংগনা ৰানাউট

2020 9image 17 48 388570435kangana

মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনাৰ সৈতে তীব্ৰ বাক-বিতণ্ডাৰ মাজতে আজি বিয়লি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিৱাৰিক সাক্ষাৎ কৰে অভিনেত্ৰী কংগনা ৰানাউটে । এই সময়ত কংগনাৰ লগত আছিল জ্যেষ্ঠ ভগ্নী ৰংগোলী ৷ ৰাজ্যপাল ভগত সিং কোছৱাৰীৰ সৈতে প্ৰায় ৪৫মিনিট ধৰি বাৰ্তালাপ কৰে অভিনেত্ৰীগৰাকীয়ে ।

এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে ৰাজ্যপালৰ সন্মুখত বিগত সময়ত সন্মুখীন হোৱা অসুবিধাৰ সন্দৰ্ভত অৱগত কৰে । ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছতে কংগনাই কয় “মই ৰাজ্যপালৰ সন্মুখত কৈছো যে, মোক অন্যায় কৰা হৈছে। মই আশা কৰিছো যে মই ন্যায় লাভ কৰিম ৷ ইয়াৰ দ্বাৰা যুৱতীসকলৰ সমগ্ৰ চিষ্টেমটোত গুৰুত্ব বাঢ়িব ।”

লগতে কংগনাই কয় “মই বহু সৌভাগ্যশালী ৷ কাৰণ ৰাজ্যপালে মোক নিজৰ কন্যাৰ নিচিনাকৈ সকলো কথা শুনিছে আৰু মই আশা কৰিম মই ন্যায় পাম।”

ইপিনে কংগনা ৰাজ্যপালক সাক্ষাৎ কৰি ওলাই আহোতে অভিনেত্ৰী গৰাকীৰ হাতত দুপাহ পদুম ফুলো আছিল । সম্প্ৰতি কংগনাৰ হাতত থকা পদুমক লৈও বিভিন্ন চৰ্চা অব্যাহত আছে । ইফালে কংগনাৰ মাতৃয়ে শেহতীয়াকৈ বিজেপিক সমৰ্থন কৰাৰ কথা উল্লেখ কৰিছে ।

আনহাতে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছত কংগনাই কয় “মই ৰাজ্যপালক সাক্ষাৎ কৰিলো । তেওঁ মোক নিজৰ কন্যাৰ দৰে সকলো কথা শুনিছে । মই এজন সাধাৰণ নাগৰিকৰ দৰে তেওঁক সাক্ষাৎ কৰিবলৈ আহিছো ৷ ৰাজনীতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই । মোৰ লগত হোৱা অন্যায়ৰ সন্দৰ্ভত মই তেওঁক ক’লো ৷ কাৰণ এইয়া অনুচিত আছিল ।”

উল্লেখযোগ্য যে, বিগত সময়ত কংগনাই মায়ানগৰী মুম্বাইক পাকিস্তানৰ লগত তুলনা কৰিছিল । ইয়াৰ পিছত BMCয়ে শিৱসেনাৰ ইংগিতত কংগনাৰ কাৰ্যালয়টো অবৈধ বুলি উচ্ছেদ চলায় । অৱশ্যে পাছত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত BMCয়ে এই উচ্ছেদ স্থগিত ৰাখে ।

ইয়াৰ পাছতেই কংগনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কটু মন্তব্যৰে সমালোচনা কৰে । আনকি মুখ্যমন্ত্ৰী থাকৰেক “তই” বুলি ক’বলৈও আপোচ নকৰিলে কংগনাই । ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে কংগনাক মাদক দ্ৰব্য সেৱনৰ সন্দৰ্ভত জেৰা কৰাৰ পণ লৈছে । তাৰ মাজতে অধ্যয়ন সুমনৰ লগত প্ৰেমৰ সম্পৰ্কত থাকোতে কংগনাৰ মাদক দ্ৰব্য সন্দৰ্ভত কৰা কংগনাৰ এটা পুৰণি ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

ইপিনে NCBয়ে ৰিয়া চক্ৰৱৰ্তীৰ ভাষ্য অনুসৰি বলীউডত মাদক দ্ৰব্য সেৱন কৰা বহু ৰথী মহাৰথীৰ তালিকা প্ৰস্তুত কৰিছে । গতিকে মাদক দ্ৰব্যৰ সেৱনৰ সন্দৰ্ভত অনতিপলমে জেৰাৰ সন্মুখীন হ’ব কংগনা । তাৰ মাজতে আজি উদ্ধৱ থাকৰেই কয় “মোৰ নিৰৱতাক দুৰ্বলতা বুলি ভাবিব নালাগে ।” গতিকে কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত এই বাক বিতণ্ডাই অনাগত দিনত কি ৰূপ লয় সেইয়া হ’ব লক্ষ্যণীয় ৷

Exit mobile version