অক্টোবৰ-নৱেম্বৰ মাহত ক’ভিড-১৯ত মৃত্যুৰ হাৰ অধিক বৃদ্ধি পাব : বিশ্ব স্বাস্থ্য সংস্থা

D.Fidler CoV WHO 4.10.20 RTS38CB9 THREE TWO

দিনে দিনে বৃদ্ধি পাইছে ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা । অক্টোবৰ-নৱেম্বৰ মাহত এই মৃত্যুৰ হাৰ অধিক হ’ব বুলি ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ অধ্যক্ষ হনছ ক্লুগে । ক্লুগে এ এফ পিৰ স’তে হোৱা এক সাক্ষাৎকাৰত কয়, ‘এইটো এনেকুৱা সময় যাৰ কাৰণে বিশ্বৰ কোনো লোকেই সাজু হৈ থকা নাই আৰু মই এই কথাটো ভালদৰেই উপলব্ধি কৰো ।’

লগতে তেওঁ কয় যে এইবাবেই তেওঁ সকলো দেশকেই এটা ধনাত্মক খবৰ সোনকালেই দিবলৈ বিচাৰে যে মহামাৰী সোনকালেই শেষ হ’ব । ‘হু’য়ে ইউৰোপৰ ৫৫খন সদস্য ৰাষ্ট্ৰৰ লগত এখন অনলাইন বৈঠকৰ আয়োজন কৰিব । এই বৈঠকত নভেল কৰ’না ভাইৰাছৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ আলোচনা কৰিব ।

যিবোৰ দেশে কৰ’না ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰ হ’লেই এই ভাইৰাছ একেবাৰে নিৰ্মূল হৈ যাব বুলি আশা কৰিছে সেই বোৰ দেশক তেওঁ ক’বলৈ বিচাৰে যে, ‘মই এইদৰে শুনিছো যে ভেকচিন উদ্ভাৱন হ’লেই এই ভাইৰাছ একেবাৰে নিৰ্মূল হৈ যাব । কিন্তু এনেকুৱা ধাৰণা সম্পূৰ্ণ ভুল ।’

বিগত কিছু সপ্তাহ ধৰি ইউৰোপত ক’ভিড-১৯ ৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পাইছে । বিশেষকৈ ফ্ৰান্স আৰু স্পেইনত সংক্ৰমণৰ সংখ্যা অধিক ।শুকুৰবাৰেই ৫৫ খন দেশত ৫১ হেজাৰতকৈ অধিক লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে । এই সংক্ৰমণৰ হাৰ যোৱা এপ্ৰিলতকৈও অধিক ।

Exit mobile version