আশা কৰিছো, সংসদে একত্ৰিত হৈ দেশৰ সেনা জোৱানৰ লগত আছো বুলি বাৰ্তা প্ৰেৰণ কৰিবঃ প্ৰধানমন্ত্ৰী মোদী

hqdefault

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চীন লগত হোৱা ভাৰতৰ সীমা বিবাদ সন্দৰ্ভত মত প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে কয় “আশা কৰিছো, সংসদ একত্ৰিত হৈ দেশৰ সেনা জোৱানৰ লগত আছো বুলি বাৰ্তা প্ৰেৰণ কৰিব ।”

লগতে মোডীয়ে কয় “আমাৰ দেশৰ বীৰ সৈনিক সকল বীৰতাৰ স’তে সীমান্তত, দুৰ্গম পাহাৰত ছহিদ হৈছে ৷ কিছুদিনৰ পাছত শীতৰো আগমন ঘটিব । যি বিশ্বাস, বীৰতাৰে সৈনিকসকল সীমান্তত দেশৰ স্বাৰ্থত নিজৰ দায়িত্ব পালন কৰে, তাৰ পৰিপ্ৰেক্ষিতত সদনৰ সকলোৱে একতাৰে সৈনিক সকলক বাৰ্তা দিব যে তেওঁলোকৰ লগত সমগ্ৰ দেশ আছে । সীমান্তৰ সেনা জোৱানসকলক এই অনুপ্ৰেৰণাৰ লগতে প্ৰতিশ্ৰুতি সংসদে দিব বুলি মোৰ বিশ্বাস।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় “বহু দিনৰ বিৰতিৰ পিছত সকলো একত্ৰিত হৈছে। এইবাৰ বিশেষ বাতাবৰণত সংসদৰ অধিবেশন অনুষ্ঠিত হৈছে । কৰ’নাৰ লগতে কৰ্তব্যও আছে ৷ সকলোকে ইয়াৰ কাৰণে শুভেচ্ছা ।”

মোদীয়ে সংসদৰ কাম কাজত কৰ’নাৰ প্ৰভাৱ সম্পৰ্কত কয় “কৰ’নাৰ কাৰণে সংসদৰ বাজেট অধিবেশনক বাতিল কৰা হৈছিল । এই অধিবেশনত বহু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব লাগিব । সিদ্ধান্ত ল’ব লাগিব ৷ গভীৰ চিন্তাই দেশৰ প্ৰগতিত সহায় কৰিব ৷” লগতে মোদীয়ে কৰ’না নিৰ্দেশনাক সকলোকে পালন কৰিবলৈকো আহ্বান কৰে ।

Exit mobile version