বিগত প্ৰায় ১০ মাহ ধৰি কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত সংহাৰ সৃষ্টি কৰিছে ৷ কৰ’না ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বতে আৰ্থিক, সামাজিক, ৰাজনৈতিকৰ লগতে মানুহৰ জীৱনত যি ধৰণে প্ৰভাৱ পেলাইছে সেয়া নিশ্চয় সকলোৰে জ্ঞাত । আমি সকলোৱে কৰ’নাৰ উৎপত্তি চীনৰ উহান চহৰৰ এখন বজাৰৰ পৰা হৈছে বুলি জানো যদিও বিশেষজ্ঞসকলে এই ক্ষেত্ৰত মাজে সময়ে সন্দেহ প্ৰকাশ কৰি আহিছে ৷
ইয়াৰ মাজতে কৰ’না ভাইৰাছৰ উৎপত্তি সন্দৰ্ভত চীনৰ Virologist ড° লি মেং য়ানৰ মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে। কাৰণ লি মেং য়ানে দাবী কৰিছে যে কৰ’না চীন চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত উহানৰ এটা লেবটৰীৰ পৰা উৎপত্তি হোৱা এটা ভাইৰাছ ।
ড° লিয়ে কৰ’নাৰ উৎপত্তিত চীন চৰকাৰৰ হস্তাক্ষেপ আছে বুলি কোৱাই নহয়, তেওঁৰ হাতত চীন চৰকাৰৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ আছে বুলিও দাবী কৰে । লগতে ড° লিয়ে কয় কৰ’না উহানৰ খাদ্য বজাৰৰ পৰা উৎপত্তি হোৱা ভাইৰাছ নহয় । এইয়া চীনৰ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত ভাইৰাছ ।
শুক্ৰবাৰে ড° লিয়ে আমেৰিকাত এক গোপন ঠাইত অনুষ্ঠিত “Loose Women” নামৰ এটা অনুষ্ঠানত ভাগ লয় । এই অনুষ্ঠানত ড° লিয়ে কৰ’নাৰ সন্দৰ্ভত কৰা গৱেষণাৰ বিষয়ে সদৰী কৰে । ড° লিয়ে দাবী কৰে যে চীন চৰকাৰে সমগ্ৰ বিশ্বত কৰ’না মহামাৰী বিয়পি পৰা আগেয়ে সকলো কথা জানিছিল ।
লগতে ড° লিয়ে কয় “চীন বিষয়াবৰ্গই আমেৰিকালৈ অহাৰ পূৰ্বে মোৰ সকলো প্ৰতিবেদন নষ্ট কৰি দিয়ে ৷ আৰু তেওঁলোকে সকলোকে মই ভূৱা বাতৰি প্ৰচাৰ কৰিছো বুলি অভিযোগ কৰে।” উল্লেখযোগ্য যে ড° লিৰ এই দাবী যদি সত্যত পৰিণত হয় তেন্তে চীনৰ প্ৰতি বিশ্বই লগতে আমেৰিকাই কি প্ৰতিক্ৰিয়া কৰে সেয়া হ’ব লক্ষ্যণীয়।