চিৰাঙৰ কয়লাময়লাত এনডিএফবিৰ শ্বহীদ দিৱস উদযাপন

WhatsApp Image 2020 09 14 at 6.18.15 PM

আজি এনডিএফবিৰ ৩২ সংখ্যক শ্বহীদ দিৱস চিৰাঙৰ কয়লাময়লাত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় । এনডিএফবিৰ চাৰিওটা গোটৰ সমন্বয়ৰক্ষী সমিতিয়ে যৌথ ভাৱে উদযাপন কৰে শ্বহীদ দিৱস ।

শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনডিএফবিৰ চাৰিওটা গোটৰ সমন্বয়ক সমিতিৰ সভাপতি ধীৰেন বড়োই কয় যে, “বিটিআৰ চুক্তিয়ে এনডিএফবিক ধ্বংসহে কৰিছে । দীৰ্ঘদিন সশস্ত্ৰ সংগ্ৰাম কৰা এনডিএফবিৰ তিনিটা গোটে ৰাজ‍্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰাৰ পিচত ভাল এটা চুক্তি হ’বলৈ গৈ আছিল, ইয়াৰ মাজতে প্ৰমোদ বড়োয়ে এবছুৰ নেতৃত্বত আইবিৰ সৈতে দিল্লীত গৈ আমাৰ আলোচনা তথা চুক্তি হাইজেক কৰি বিটিআৰ চুক্তি কৰিলে । যি চুক্তিএতিয়া বেবেৰিবাং হ’ল । কোনো দিনেই এবছুৰ সৈতে শান্তি আলোচনা হোৱা নাছিল । এবছুয়ে সশস্ত্ৰ সংগ্ৰাম কৰা নাছিল । গতিকে কি যুক্তিত এবছুৰ সৈতে শান্তিচুক্তি হ’ব ।”

লগতে কয় যে, আলোচনা শেষ হৈ চুক্তিৰ অন্তিম পৰ্যায়ত যেতিয়া প্ৰমোদ বড়োই গম পায় যে এন ডি এফ বিৰ স’তে তেনে এক চুক্তি হ’বলৈ গৈ আছে সেই কথা গম পোৱাৰ পিছতে হঠাতেই চুক্তি স্বাক্ষৰকাৰীৰ ৰূপত প্ৰমোদ বড়োৰ আৱিৰ্ভাৱ হয়। কাৰণ তেওঁ জানিছিল যে তেওঁ দীৰ্ঘদিনে এবছুৰ হৈ কৰি অহা আন্দোলন নি:শেষ হ’ব আৰু সকলো এনডিএফবিৰ হৈ যাব । সেয়ে প্ৰমোদ বড়োই এনডিএফবিৰ শান্তি আলোচনা হাইজেক কৰি এই ধৰণৰ বিটিআৰ চুক্তি কৰিলে । এই চুক্তিয়ে বড়ো সকলৰ বিশেষকৈ এনডিএফবিক কোনো সহায় নকৰে ।

বিটিআৰ চুক্তি এটা প্ৰতাৰণাৰ চুক্তি বুলিও কয় বড়োৱে । ৩২ সংখ্যক শ্বহীদ দিৱসৰ এই কাৰ্য্যসূচীত দুজনকৈ সভাপতি ক্ৰমে ধীৰেন বড়ো আৰু বি ছাউৰাইগ্ৰাকে ধৰি এনডিএফবিৰ চাৰিওটা গোটৰ সদস্যৰ লগতে বিপিএফৰ স্থানীয় তিনি শতাধিক লোক উপস্থিত থাকে।

Exit mobile version