আমেৰিকাত থাকিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক যিহেতু প্ৰকাৰে সমালোচনা কৰিবলৈ এৰা নাই ৰাহুল গান্ধীয়ে ৷ পুনৰ ৰাহুল গান্ধীয়ে এটা টুইটৰ জৰিয়তে কৰ’নাৰ লগতে তলাবন্ধৰ সময়ক লৈ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰে ।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ চৰকাৰী আবাসত এটা ময়ূৰক লৈ যিটো ভিডিঅ’ আপলোড কৰিছিল, সেই ভিডিঅ’টোক লৈ ৰাহুল গান্ধীয়ে কয় যে নাগৰিকে নিজৰ জীৱন নিজেই ৰক্ষা কৰিব লাগিব কাৰণ প্ৰধানমন্ত্ৰী মোডীটো ময়ূৰৰ লগত ব্যস্ত আছে ৷
ৰাহুল গান্ধীয়ে আজি টুইটটোত লিখে “কৰ’না সংক্ৰমণৰ সংখ্যাই এই সপ্তাহত ৫০ লাখ অতিক্ৰম হৈ যাব । তলাবন্ধৰ কোনো নীতি-নিয়ম নাই কাৰণে কৰ’না সমগ্ৰ দেশত বিয়পি পৰিল । মোডী চৰকাৰে কৈছে আত্মনিৰ্ভৰশীল হওক । অৰ্থাৎ নিজৰ জীৱন নিজেই বচাওক । কাৰণ প্ৰধানমন্ত্ৰী ময়ূৰৰ লগত ব্যস্ত আছে ৷”
আনহাতে আজি কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে এটা ময়ূৰৰ লগতে এটা ভিডিঅ আৰু ফ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল । মোডীৰ ভিডিঅটোৱে বহু লাইক আৰু কমেন্টো পাইছিল । আজি পুনৰ ৰাহুল গান্ধী মোডীৰ সেই ভিডিঅ’টোক লৈয়ে টুইটাৰত সমালোচনা কৰে ।
উল্লেখযোগ্য যে সমগ্ৰ দেশত কৰ’নাৰ সংক্ৰমণ প্ৰতিদিনে বৃদ্ধি পাইছে ৷ প্ৰতিদিনে আক্ৰান্তৰ সংখ্যাই লাখৰ ঘৰৰ ওচৰৰ পাইছেগৈ ৷ কৰ’নাৰ আৰম্ভণিতে দিয়া তলাবন্ধও এতিয়া খুলি দিয়া হ’ল । লগত দেশৰ কিছুসংখ্যক স্থানত দিয়া সাপ্তাহিক তলাবন্ধও এতিয়া লাহে লাহে খুলি দিয়া হৈছে ৷