পৰমাণু বোমাতকৈও ভয়ংকৰ ৰাছিয়াৰ এই অস্ত্ৰ

1599987512 pic

পাৰমাণৱিক বােমাতকৈও অধিক ভয়ংকৰ এক অস্ত্র তৈয়াৰ কৰি উলিয়ালে ৰাছিয়াই। এভানগার্ড নামৰ এই হাইপাৰছ’নিক গ্লাইড যুদ্ধাস্ত্র ইমান শক্তিশালী যে ই ভয়াৱহ বিস্ফোৰণ অতি নিখুঁতভাৱে সম্পন্ন কৰিব পাৰে। আমেৰিকাৰ হাতত বিশ্বৰ সবাতােকৈ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আছে। কিন্তু এভানগার্ড হৈছে এনে এক যুদ্ধাস্ত্র যাক মার্কিন এয়াৰ ডিফেন্স ছিষ্টেমেও ইণ্টাৰছেপ্ত কৰিব নােৱাৰে।

অর্থাৎ এই যুদ্ধাস্ত্র মার্কিন এ ডি এছে ধৰা পেলাব নােৱাৰে। চীনৰ নিউজ আউটলেট ছিনাৰ তথ্য অনুসৰি এভানগার্ডৰ স্ট্রাইক স্পিড আৰু ইণ্টাৰছেপছনৰ পৰা ৰেহাই লাভৰ বৈশিষ্ট্যই এই যুদ্ধাস্ত্ৰক পৰমাণু বােমাতকৈও অধিক বিপজ্জনক স্বীকৃত কৰিছে ।

এভানগার্ড তৈয়াৰ কৰি ৰাছিয়াই আমেৰিকাক এই বার্তা প্ৰেৰণ কৰিলে যে মার্কিন এয়াৰ ডিফেন্স ছিষ্টেম যিমানে অত্যাধুনিক নহওক কিয়, এই ব্যৱস্থাই ৰুছ। ক্ষেপণাস্ত্রক ধৰা পেলাব নােৱাৰে । ৰাছিয়াই মূলতঃ আমেৰিকাক লক্ষ্য হিচাপে লৈ এভানগার্ড তৈয়াৰ কৰা বুলিও চৰ্চিত হৈছে।

Exit mobile version