সুখবৰ: অচিৰেই ১,০০,০০০ জন লোকক নিযুক্তি দিব Amazon য়ে

amazon79

কৰ’নাসৃষ্ট পৰিস্থিতিৰ মাজত অনলাইন শ্ব’পিং এপ Amazonএ লৈ আহিছে এক বিশেষ সুখবৰ ৷ ই কৰ্মাচ কোম্পানী Amazonএ ১,০০,০০০ জন নতুন লোকক নিযুক্তি দিয়াৰ বিষয়ে ঘোষণা কৰিছে ৷ কোম্পানীটোৱে সদৰী কৰা অনুসৰি নতুনকৈ হোৱা নিযুক্তিসমূহ স্থায়ী আৰু অস্থায়ী দুয়ো ধৰণে হ’ব ।

নতুন কৰ্মচাৰীসকলে গ্ৰাহকৰ অৰ্ডাৰসমূহৰ পেকিং, ডেলিভাৰী আদিৰ দৰে কাম কৰিব ৷ লগতে কৰ্মচাৰীসকলৰ নিযুক্তিত কোনো ধৰণৰ চুটীত যোৱা নিযুক্তিৰ দৰে নহ’ব ৷

সম্প্ৰতি অনলাইন কোম্পানীসমূহৰ ব্যৱসায় ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে  ৷ কৰ’নাৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে এপ্ৰিল আৰু মে’ মাহত অনলাইন কোম্পানীসমূহে এক বৃহৎ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে । ইপিনে অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ Amazonএ চলিত বৰ্ষত ১,৭৫,০০০ জন লোকক নিযুক্তি দিয়াৰ কথা আছিল ।

বিগত সপ্তাহত Amazon এ কৈছিল যে কোম্পানীটোত ৩৩,০০০ কৰ্পৰেট আৰু প্ৰাদ্যোগিক পদ আছে ৷ সেয়েহে কৰ’নাৰ দিনটো Amazonএ নিযুক্তি দিয়াৰ সন্দৰ্ভত সিদ্ধান্ত লৈছে ।

Exit mobile version