ক’ভিড-১৯ৰ প্ৰকোপ

Screenshot 97

শৰতৰ আগমনৰ লগে লগে ফৰকাল হৈ পৰিছে আকাশ, নদ-নদী, জানৰ গৰাত বগলী পাখি উৰাদি উৰিবলৈ ধৰিছে শুকুলা কহুৱা, নিয়ৰত সিক্ত হৈছে দুবৰি বন ৷ পথাৰত সীমাহীন সেউজীয়া । ইয়াৰ পৰা ব্যক্তিক্ৰম নহয় নলবাৰীও। জিলাখনৰ মাজেৰে বৈ যোৱা প্ৰধানকৈ পাগলাদিয়া, বুঢ়াদিয়া, মৰা পাগলাদিয়া, কানাই খুন্দা আদি নদী জানসমূহৰ গৰাত এতিয়া কহুৱাৰ উজান ৷

পূৰ্বৰ দৰে হোৱা হ’লে এই সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰো পূজাথলীসমূহত চলিলহেঁতেন ব্যাপক প্ৰস্তুতি । কিন্তু কৰ’না মহামাৰীয়ে সকলো সলনি কৰি দিলে । সাৱধান হোৱাৰ লগতে ভয় নাখাবলৈ ৰাইজক সজাগ কৰাৰ চৰকাৰী-বেচৰকাৰী প্ৰচাৰ অব্যাহত আছে যদিও ক’ভিড ১৯ ৰ শৃংগমুখী সংক্ৰমণে ভয়াৰ্ত কৰি তুলিছে মানুহক ।

অহা ১৭ অক্টোবৰত একাদশীৰ পৰা দুৰ্গা পূজা আৰম্ভ হ’ব ৷ ২৬ অক্টোবৰত বিজয়া দশমীত সামৰণি পৰিব ৷ মাজত মাত্ৰ এমাহ সময় ৷ এই সময়তে অসমৰ ইতিহাস প্ৰসিদ্ধ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ে এইবাৰৰ প্ৰথমবাৰৰ বাবে ম’হ বলি বন্ধ ৰখাৰ সিদ্ধান্ত সদৰী কৰিছে ৷ বিগত কিছু বছৰৰ পৰা বিশেষকৈ ম’হ বলিক কেন্দ্ৰ কৰি ৰাজ্যৰ সকলো প্ৰান্তৰ ভক্তসকলৰ আকৰ্ষণৰ কেন্দ্ৰস্বৰূপ হৈ পৰিছে বিল্বেশ্বৰ দেৱালয় ৷

উক্ত ম’হ বলিৰ সংখ্যা বছৰি বৃদ্ধি পাই ইতিমধ্যে দুকুৰি অতিক্ৰম কৰি দুৰ্গা পূজাত ৰাজ্যৰ সৰ্বাধিক ম’হ বলি হোৱা শক্তিপীঠ হিচাপেও চৰ্চিত হৈছে ।দেৱালয় পৰিচালনা সমিতিৰ অন্যতম কাৰ্যনিৰ্বাহক বসন্ত মহন্তৰ তৎপৰতাত অনুষ্ঠিত এখন সভালৈ দেৱালয়ৰ প্ৰতিবছৰৰ দুৰ্গা পূজাত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা মিলন শিল্পী সংঘ, বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘ, অমৰজ্যোতি সংঘকে ধৰি অঞ্চলটোৰ অৰ্ধশতাধিক অনুষ্ঠানৰ প্ৰতিনিধি বৰ্গক আমন্ত্ৰণ জনোৱা হয় ৷

উক্ত প্ৰতিনিধিসকলৰ লগত আলোচনা কৰি ক’ভিড বিধি অনুসৰি এইবাৰ জাকজমকতা অবিহনে সীমিত সংখ্যক লোকৰ অংশগ্ৰহণেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় । তদুপৰি দুই কাৰ্যনিৰ্বাহক সদস্য বসন্ত মহন্ত আৰু উৎপল পাটোৱাৰীক উক্ত পূজা পৰিচালনাৰ দায়িত্ব দিয়া হয়।

পাটোৱাৰীয়ে “দৈনিক অগ্ৰদূত”ক সদৰী কৰি অনুসৰি দেৱালখনত নিজাববীয়াকৈ দিয়া বলিৰ বাহিৰে এইবাৰ দুৰ্গা পূজাত আন ভক্তসকলে মানস কৰা ম’হ বা আন বলি দিয়া বন্ধ কৰা হৈছে । কেৱলমাত্ৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

তদুপৰি প্ৰতিবছৰে ভক্ত আৰু আন যাত্ৰীসকলক আকৰ্ষণ কৰিব পৰাকৈ দেৱালয় তথা দেৱালয়কেন্দ্ৰিক অঞ্চলটো যিদৰে জাক জমক কৰা হয়, মীনা বজাৰ অনুষ্ঠিত হয় এইবোৰ বন্ধ থাকিব । ইয়াৰ বিপৰীতে সীমিত সংখ্যক মানুহেৰে কেৱলমাত্ৰ মন্দিৰৰ পুজাভাগহে সমাপন কৰা হ’ব বুলি পাটোৱাৰীয়ে প্ৰকাশ কৰিছে ।

লক্ষ্যণীয় যে দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰৰ মাতৃৰ সদ্য পৰলোকপ্ৰাপ্তি ঘটে । সেইমৰ্মে ধৰ্মীয় নিয়মানুসাৰি দলৈৰ দেৱালয়ত প্ৰবেশত বাধা থকাত দেৱালয় পৰিচালনা সমিতিৰ অন্যতম কাৰ্যনিৰ্বাহক উৎপল পাটোৱাৰী আৰু বসন্ত মহন্তৰ আহ্বানত এই সভা অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে জিলাখনৰ আনকেইখন পূজাথলীটো এই পৰ্যন্ত কোনো ধৰণৰ প্ৰস্তুতি কৰা নাই । অৱশ্যে দুই এখন পূজা সমিতিয়ে ইতিমধ্যে অনুষ্টুপীয়াকৈ কেৱলমাত্ৰ পূজাভাগ সমাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাহিৰে অধিকাংশ পূজা সমিতিয়ে পূজা প্ৰসংগত এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই।

Exit mobile version