চীনত কৰ’না ভাইৰাছৰ ভেকচিন জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’ব নৱেম্বৰত

corona vaccine

চীনত তৈয়াৰী ক’ভিড-১৯ ভেকচিন নৱেম্বৰত জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’ব । এই কথা চিডিচিৰ এজন চৰকাৰী বিষয়াই সদৰী কৰে । সম্প্ৰতি চীনত চাৰিটা ক’ভিড-১৯ৰ ভেকচিন অন্তিম পৰ্যায়ত পৰীক্ষা চলি আছে ।

ভেকচিনৰ অন্তিম পৰ্যায়ৰ পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰা হৈছে আৰু নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰত সাধাৰণ জনতাৰ বাবে তৈয়াৰ সম্পূৰ্ণ হৈ উঠিব। চিডিচিৰ প্ৰধান জীৱ সুৰক্ষা বিশেষজ্ঞ গুইজেন ৱুয়ে এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে ।

কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সম্প্ৰতি সমগ্র বিশ্বতে ক’ভিড ভেকচিনৰ তৈয়াৰৰ প্ৰস্তুতি চলি আছে আৰু বিশ্ববাসী এতিয়া ভেকচিনৰ অপেক্ষাত অধীৰ আগ্ৰহেৰে বাট চাই আছে । Sinopharm আৰু Sinovac Biotechৰ দ্বাৰা তৈয়াৰ কৰা তিনিটা প্ৰতিষেধক ৰাজ্যৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে বিকাশ কৰা হৈছে ।

অন্যহাতে, Cansino Biologicsৰ দ্বাৰা তৈয়াৰ কৰা চতুৰ্থটো ভেকচিন চীনা সামৰিক বাহিনীৰ দ্বাৰা ব্যৱহাৰৰ বাবে অনুমোদিত হৈছিল। এই পর্যন্ত বিশ্বত কৰ’না আক্রান্ত ৰোগীৰ সংখ্যাই ২ কোটিতকৈ অধিকৰ সীমা অতিক্ৰম কৰিছে আৰু মৃত্যুৰ সংখ্যাই ৯ লাখ অতিক্ৰম কৰিছে।

Exit mobile version