অৰুণাচলত আগ্ৰাসী চীন, সস্ত্ৰম আছে ভাৰতীয় সেনা

Indian Army PTI

ভাৰত চীনৰ মাজত যুদ্ধ অৱশ্যম্ভাৱী ৷ এই দাবী প্ৰাক্তন সেনা বিষয়াৰ ৷ বাৰম্বাৰ ভাৰতৰ লাডাখৰ সীমান্তত আগ্ৰাসনৰ পাছত সফল নোহোৱাত এইবাৰ অৰুণাচল সীমান্তত আগ্ৰাসী গতিবিধি আৰম্ভ কৰিছে চীনে ৷ সম্পূৰ্ণৰূপে সস্ত্ৰম হৈ আছে ভাৰতীয় সেনাবাহিনী ।

সূত্ৰত প্ৰকাশ যে অৰুণাচল প্ৰদেশৰ সীমান্তত চীনা অঞ্চলৰ কিছু ভিতৰলৈ গৈ বৃহৎ সংখ্যক সেনা নিয়োগ কৰিছে চীনে । এই বিষয়ে ভাৰতীয় জোৱানসকল জ্ঞাত । সেয়েহে যিকোনো পৰিস্থিতিৰ মোকাবিলাৰ বাবে সাজু থাকিবলৈ একে ধৰণে সীমান্তৰ এইপাৰেও সেনাৰ অৱস্থান বৃদ্ধি কৰা হৈছে।

শীৰ্ষ সূত্ৰত প্ৰকাশ যে লাডাখৰ পৰা অৰুণাচল পৰ্যন্ত চীনা সীমান্তত ভাৰতীয় সেনা বাহিনী প্ৰস্তুত হৈ আছে । পাংগং হ্ৰদ সংলগ্ন পাহাৰীয়া অঞ্চল এতিয়া ভাৰতৰ দখললৈ অহাত এইবাৰ নতুন স্থান দখল কৰিব পাৰে চীনে । ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে অৰুণাচল সীমান্ত অঞ্চল ৷

ইয়াৰ আছাফিলা, টুটিং আৰু ফিছটেল ২ অঞ্চলসমূহত সীমান্তৰ সিটোপাৰে চীনা গতিবিধি দৃশ্যমান হৈছে । সেয়েহে সেনাৰ ঘাটি মজবুত কৰিছে ভাৰতে ৷ লক্ষণীয় যে গালৱান উপত্যকাত ভাৰত চীনৰ মাজত ভয়াৱহ সংঘৰ্ষৰ পাছত কে’বালানি আলোচনাৰ অন্তত মুখেৰে ক’লেও বাস্তৱত বেইজিঙে চীনা বাহিনীক চুক্তি অনুসৰি প্ৰত্যাহাৰ কৰা হোৱা নাই ।

লাডাখত দুই দেশৰ বাহিনীৰ ক’ৰ কামাণ্ডা স্তৰৰ কে’ৱালানি বৈঠকৰ পাছতো কোনো ফলাফল নোলাল । ২৯-৩০ আগষ্টত একপক্ষীয় প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা ভংগ কৰি ভাৰতীয় ভূখণ্ড দখল কৰিবলৈ প্ৰায় দুশ চীনা সৈন্যৰ এটি দল আগুৱাই আহে । কিন্তু ভাৰতৰ বিৰুদ্ধেহে সীমান্ত ৰেখা ভংগৰ অভিযোগ কৰি আহিছে চীনে ৷

ইপিনে লাডাখত সীমান্তত চীন ভাৰতৰ বৰ্ধিত উত্তেজনাক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰাক্তন ক’ৰ কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল পি জে এছ পান্নুৰে ৷ তেওঁ কয় “১৯৬২ ৰ দৰে চিন্তা চৰ্চালৈ আগবাঢ়িছে চীন ৷ ফলত যুদ্ধৰ অৱশ্যম্ভাৱী ৷” তেওঁৰ মতে ভাৰতক হেয় দৃষ্টিৰে চাইছে চীনে । সেয়াই তেওঁলোকৰ বৃহৎ ভুল । যুদ্ধ এৰাই চলিবলৈ এতিয়াই সঠিক নীতি গ্ৰহণৰ প্ৰয়োজন আছে ৷ প্ৰাক্তন ক’ৰ কামাণ্ডাৰজনে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা জটিল আৰু সংবেদনশীল হৈ আছে ।

তেওঁৰ মতে পাংগং হ্ৰদৰ দুই পাৰতে ভাৰতীয় সেনাৰ অৱস্থান সুবিধাজনক হৈ আছে ৷ উত্তৰ পূবৰ ভাৰত-চীন সীমান্তৰ মেকমোহন লাইনৰ দায়িত্বত থকা প্ৰাক্তন ক’ৰ কামাণ্ডাৰ পান্নুৰে কয় যে বহুলানি আলোচনাৰ পাছতে ৰঙা বাহিনী পিছুৱাবলৈ বিচৰা নাই। পৰিৱৰ্তে পাংগং হ্ৰদৰ দক্ষিণৰ ভূমি দখল কৰিবলৈ চেষ্টা চলাইছিল । সেই সময়ত একাধিক পৰ্বত শৃংগত দখল সাব্যস্ত কৰি ভাৰতীয় সেনাই কৃতিত্ব জাহিৰ কৰিলে ৷ তেওঁ কয়, “এতিয়াও খেল চলি আছে, কোন হাৰিছে, কোন জিকিছে কোৱাটো সম্ভৱ নহয়।”

Exit mobile version