প্ৰসংগঃ বলীউডত ড্ৰাগছ

amitabh jaya anniversary

বলীউডৰ অভিনেত্ৰী জয়া বচ্চনে সংসদত ড্ৰাগছৰ সন্দৰ্ভত দিয়া মন্তব্যৰ পিছতে মুম্বাই আৰক্ষীয়ে তেওঁৰ ঘৰত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলে ৷ বলীউডৰ লগত ড্ৰাগছ ব্যৱসায় জড়িত হৈ পৰাৰ সন্দৰ্ভত জয়া বচ্চনে কৈছিল যে এই প্ৰসংগই বলীউডৰ ছবি বিকৃত কৰিছে ৷

ইয়াৰ পাছতে জুহুস্থিত জয়া বচ্চনৰ বাসগৃহ “জলচা”ত মুম্বাইৰ আৰক্ষীয়ে অতিৰিক্ত সুৰক্ষাৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে সমাজবাদী পাৰ্টিৰ সাংসদ আৰু বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী জয়া বচ্চনে সাংসদ ৰবি কৃষাণে ড্ৰাগছৰ সন্দৰ্ভত দিয়া মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷

জয়া বচ্চনে কৈছিল যে, ছ’চিয়েল মিডিয়াত বলীউডক বদনাম কৰিবলৈ চেষ্টা কৰা হৈছে ৷ ইয়াৰ পূৰ্বে সোমবাৰে গোৰখপুৰৰ বিজেপি সাংসদ ৰবি কৃষণে কৈছিল যে বলীউডৰো ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে ৷

মন কৰিব লগীয়া যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত বলীউডৰ একাংশ অভিনেতা-অভিনেত্ৰী ড্ৰাগছ আসক্ত আৰু সৰবৰাহৰ লগত জড়িত বুলি প্ৰকাশ পাইছে ৷ এই সন্দৰ্ভত বলীউডৰ বহু ৰথী মহাৰথীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তাৰ ভিতৰত বিজেপি সাংসদ হেমা মালিনীয়ে কয় যে বলীউডৰ সন্মান সদায়েই ওপৰত থাকিব ৷ কোনো স্বজন প্ৰীতি বা ড্ৰাগছ আৰোপে এই সন্মানক আঘাত সানিব নোৱাৰে ৷

লগতে হেমা মালিনীয়ে কয় “মোৰ নাম, সন্মান আৰু জনপ্ৰিয়তা এই ইণ্ডাষ্ট্ৰীৰ পৰাই পাইছো । গতিকে এনে ধৰণৰ আৰোপ লগোৱাটো দুখজনক ৷” উল্লেখযোগ্য যে সংসদত সাংসদ জয়া বচ্চনে যিখন থালিত খাই সেইখন থালিৰে বদনাম গাই বুলি দিয়া মন্তব্যক লৈ তৰ্ক বিতৰ্কৰ সূত্ৰপাত হৈছে । জয়া বচ্চনৰ এই মন্তব্যক লৈ কংগনা ৰানাউটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

কংগনাই টুইট কৰিছিল “কোন খন থালি দিছে জয়াজী আৰু তেওঁৰ ইণ্ডাষ্ট্ৰীয়ে৷ মই এই ইণ্ডাষ্ট্ৰীক ফেমিনিজম শিকাইছো ৷ থালি দেশভক্তি আৰু নাৰী প্ৰধান ছবিৰে সজোৱা হয় । এইখন মোৰ নিজৰ থালি জয়াজী, আপোনাৰ নহয় ।”

ইপিনে এই সমগ্ৰ বিবাদটো আৰম্ভ হৈছিল সংসদত বিজেপি সাংসদ ৰবি কৃষাণে ১৪ ছেপ্টেম্বৰত দিয়া এটা মন্তব্যৰ পিছত ৷ সাংসদ ৰবি কৃষাণে বলীউডত ড্ৰাগছৰ লগত জড়িত লোকসকলৰ সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান কৰিছিল NCBক।

ইয়াৰ পাছত মংগলবাৰে সাংসদ জয়া বচ্চনে ড্ৰাগছৰ সন্দৰ্ভত কয় “কিছুমান লোকৰ কাৰণে আপুনি সমগ্ৰ ছবি ইণ্ডাষ্ট্ৰীটোক দোষ দিব নোৱাৰে ৷ মোৰ লাজ লাগিছে যে কালি আমাৰ ছবি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এজন সদস্যই ইয়াৰ বিৰোধিতা কৰিছে । এয়া অত্যন্ত দুখজনক। যিখন থালিত খাই সেইখন থালিৰে বদনাম গায় ।

Exit mobile version