ভাৰতৰ সাংস্কৃতিক আৰু সমাজ জীৱনৰ উজ্জ্বল নক্ষত্ৰ কপিলা বাৎসায়নৰ দেহাৱসান

kapila pti

ভাৰতৰ সাংস্কৃতিক আৰু সমাজ জীৱনৰ উজ্জ্বল নক্ষত্ৰ, পদ্মবিভূষণ, শংকৰদেৱ বঁটাপ্ৰাপক কপিলা বাৎসায়নৰ দিল্লীস্থিত বাসভৱনত বুধবাৰে বিয়োগ ঘটে । আজি পুৱা ৯ বজাত নিজা বাসভৱন গুলমোহৰ এনক্লেভত ৯২ বছৰীয়া কপিলা বাৎসায়নৰ দেহাৱসান ঘটে ।

ADVERTISEMENT

উল্লেখ্য যে, ২০১১ত তেঁওক পদ্মবিভূষণ উপাধিৰে বিভূষিত কৰা হৈছিল । ৰাজ্যসভাৰ প্ৰাক্তন মনোনীত সদস্যা বাৎসায়ন আছিল আইআইচিৰ এছিয়া প্ৰজেক্টৰো অধ্যক্ষা । লগতে ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰৰ প্ৰতিষ্ঠাতা পৰিচালক আছিল।

ভাৰতীয় কলা-সংস্কৃতি আৰু ভাৰতীয় নৃত্যৰ উন্নয়নৰ দিশত বাৎসায়নে বহু অৰিহণা আগবঢ়োৱাৰ লগতে সংগীত নাটক একাডেমী তথা অন্যান্য বহু সংখ্যক প্ৰতিষ্ঠানৰ বিভিন্ন পদবী অলংকৃত কৰি অনবদ্য সেৱা আগবঢ়াই গৈছে। বুধবাৰে আবেলি লোধী শ্মশানত তেখেতৰ অন্তিম সংস্কাৰ কৰা হয় ।

মনীষীগৰাকীৰ মৃত্যুত সমগ্ৰ দেশবাসীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰি কয় যে, ‘বৃহত্তৰ ভাৰতীয় সমাজলৈ বলিষ্ঠ বৰঙণি যোগোৱা এইগৰাকী বিশিষ্টা ব্যক্তিৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ।’

Exit mobile version