মাদাৰ অল্ড এজ হোমৰ ১০১ বছৰীয়া আইতাই পৰাজিত কৰিলে কৰ’নাক

WhatsApp Image 2020 09 16 at 2.52.36 PM

সুখবৰ, ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ মাজতে কৰ’নাক পৰাজিত কৰিবলৈ সক্ষম হৈছে মাদাৰ অল্ড এজ হোমৰ ৫ গৰাকীকৈ আইতাই । আটাইতকৈ বয়সস্থ ১০১ বছৰীয়া আইতাই কোনোধৰণৰ অসুবিধা নোপোৱাকৈ আজি হাঁহিমুখেৰে ৰাওনা হ’ব নিজ আশ্রমলৈ । মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত চিকিৎসাধীন অৱস্থাত থকা ১০১ বছৰীয়া আৰু ৭৫ বছৰীয়া আইতা দুগৰাকীৰ মঙলবাৰে কৰ’না পৰীক্ষাত নিগেটিভ আহে ।

ইয়াৰ লগতে দিল্লী পাব্লিক স্কুল ক’ভিড কেয়াৰ চেণ্টাৰত থকা ৫ গৰাকী বৃদ্ধাৰ ভিতৰত ৩ গৰাকীৰ ৰিজাল্ট আহে নিগেটিভ । আনহাতে, মাদাৰ অল্ড এজ হোমত কৰা ৰেপিড টেষ্টত পজিটিভ অহা আন পাঁচগৰাকী বয়সস্থ লোকৰ পজিটিভ ধৰা পৰে । তেওঁলোকক পুনৰ স্বাৱ টেষ্ট কৰা হ’ব বুলি জানিবলৈ দিয়ে আশ্ৰমৰ কৰ্তৃপক্ষই ।

উল্লেখযোগ্য যে সোমবাৰে ডঃ ফাৰুকৰ লগতে সুশান্ত ৰয়ৰ এটা দলে বৃদ্ধা আশ্ৰমখনত উপস্থিত হৈ লেলাউটিৰ পৰীক্ষা কৰে । ইয়াৰ পিছতে কৰ’নাত আক্ৰান্ত হয় বৃদ্ধা আশ্ৰমখনৰ ১২ গৰাকীকৈ আইতা ৷ আক্ৰান্ত আইতাকেইগৰাকী যাতে সোনকালে সুস্থ হৈ উঠে তাৰেই কামনা কৰিছে সকলোৱে ।

Exit mobile version