বিশ্বৰ কোনো শক্তিয়ে ভাৰতীয় সেনাক লাডাখত পেট্ৰ’লিঙ ডিউটি কৰাত বাধা দিব নোৱাৰেঃ ৰাজনাথ সিং

PTI7 20 2018 000147A

কৰ’নাৰ মাজতে আজি সংসদৰ বৰ্ষাকালীন অধিবেশনৰ চতুৰ্থ দিন । আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীন-ভাৰত সীমান্তক লৈ ৰাজ্যসভাত মন্তব্য কৰে ।

সিঙে কয় “পৃথিৱীৰ কোনো শক্তিয়ে লাডাখত ভাৰতীয় সেনাক পেট্ৰ’লিঙ ডিউটি কৰাত বাধা দিব নোৱাৰে । পূব লাডাখত এপ্ৰিলত চীনৰ কাৰুকাৰ্য সকলোৱে প্ৰত্যক্ষ কৰিছিল ৷ চীনে গালৱানত আমাৰ সেনাক পেট্ৰ’লিং কৰাত বহু বাধা দিছিল।”

ৰাজনাথ সিঙে লগতে কয়, “চীনৰ লগত ভাৰতৰ সীমান্তৰ বুজাবুজি এতিয়ালৈকে সমাধান হোৱা নাই । চীনে মে’ত বহুবাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পাৰ হ’বৰ কাৰণে চেষ্টা কৰিছে ৷ ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত আলোচনা হোৱাৰ মাজতে চীনে ২৯-৩০ আগষ্টত পুনৰ লাডাখত উচতনিমূলক কাৰ্য কৰে যদিও ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিয়ে ৷ কাৰণ চীনে কোৱা আৰু কৰা মাজত বহুত পাৰ্থক্য আছে ৷”

লগতে ৰাজনাথ সিঙে কয় যে চীনৰ কাৰুকাৰ্যৰ পৰা জানিব পাৰি যে দেশখনে দুয়োখন দেশৰ বুজাবুজিক মানি নলয় বা সন্মান নকৰে। চীনৰ সেনা ১৯৯৩-১৯৯৬ৰ বুজাবুজিক উলংঘা কৰিছে ৷ সীমান্তৰ শান্তি ৰাখিবৰ কাৰণে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান কৰাটো প্ৰয়োজন । চীনে অবৈধভাৱে লাডাখৰ ৩৮ হাজাৰ বৰ্গ কিমী অংশত অধিকাৰ কৰে। চীনে অৰুণাচলৰ একাংশও নিজৰ বুলি দাবী কৰে ৷

চীনে বিগত কিছু দশকৰ পৰা সীমান্তত বৃহৎ সংখ্যক সেনাক নিয়োগ কৰিছে ৷ লগতে চীনে সীমান্তত বহু নিৰ্মাণৰ কামো আৰম্ভ কৰিছে । ভাৰত চৰকাৰেও সীমান্তৰ নিৰ্মাণ কাম আৰম্ভ কৰাৰ কথা সদৰী কৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ।

ৰাজনাথ সিঙে ভাৰত-চীন সীমান্তক লৈ মন্তব্য কৰে, “আমি চীনৰ যিকোনো কাৰ্যৰ উত্তৰ দিবলৈ সাজু আছো । আমি যিকোনো প্ৰত্যাহ্বানৰ পৰা পিছুৱাই নাযাও । চীনৰ কাৰণেই গালৱানত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । আমি শান্তি বিচাৰো ৷ কিন্তু দেশক ৰক্ষা কৰাত আমি পিছুৱাই নাযাও । ১৩০ কোটি ভাৰতীয়ক আমি কথা দিছো যে তেওঁলোকৰ শিৰ নত হ’বলৈ কেতিয়াও দিয়া নহ’ব ৷

Exit mobile version