মোৰ সপোনৰ, মোৰ আত্মবিশ্বাসৰ, মোৰ সাহসৰ, মোৰ ভৱিষ্যতৰ এইয়া ধৰ্ষণ: কংগনা ৰণৌট

kangana 2

কংগনা ৰানাউটৰ মুম্বাইৰ কাৰ্যালয়ত BMCয়ে উচ্ছেদ চলোৱাৰ ৮ দিনৰ পিছত আজি অভিনেত্ৰীগৰাকীয়ে টুইটাৰত কাৰ্যালয়টোৰ কেইখনমান ফ’টো আপলোড কৰে । ফ’টো কেইখন শ্বেয়াৰ কৰি কংগনাই লিখে, “মোৰ সপোনৰ, মোৰ আত্মবিশ্বাসৰ, মোৰ সাহসৰ, মোৰ ভৱিষ্যতৰ এইয়া ধৰ্ষণ ৷” ইফালে ৯ ছেপ্টেম্বৰত কংগনাৰ মুম্বাইস্থিত কাৰ্যালয়ত অবৈধ নিৰ্মাণৰ অজুহাতত উচ্ছেদ চলাই BMCয়ে ।

উল্লেখযোগ্য যে, বিগত সময়ত কংগনাই মায়ানগৰী মুম্বাইক পাকিস্তানৰ লগত তুলনা কৰিছিল । ইয়াৰ পিছত BMCয়ে শিৱসেনাৰ ইংগিতত কংগনাৰ কাৰ্যালয়টো অবৈধ বুলি উচ্ছেদ চলায় । অৱশ্যে পাছত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত BMCয়ে এই উচ্ছেদ স্থগিত ৰাখে ।  ইয়াৰ পাছতেই কংগনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কটু মন্তব্যৰে সমালোচনা কৰে । আনকি মুখ্যমন্ত্ৰী থাকৰেক “তই” বুলি ক’বলৈও আপোচ নকৰিলে কংগনাই ।

তাৰ মাজতে উদ্ধৱ থাকৰেই কয়, “মোৰ নিৰৱতাক দুৰ্বলতা বুলি ভাবিব নালাগে ।” গতিকে কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত এই বাক বিতণ্ডাই অনাগত দিনত কি ৰূপ লয় সেইয়া হ’ব লক্ষ্যণীয় ৷

ইপিনে, মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনাৰ সৈতে তীব্ৰ বাক-বিতণ্ডা মাজতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিৱাৰিক সাক্ষাৎ কৰে অভিনেত্ৰী কংগনা ৰণৌটে । ৰাজ্যপাল ভগত সিং কোছৱাৰীৰ সৈতে প্ৰায় ৪৫মিনিট ধৰি বাৰ্তালাপ কৰে অভিনেত্ৰীগৰাকীয়ে । এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে ৰাজ্যপালৰ সন্মুখত বিগত সময়ত সন্মুখীন হোৱা অসুবিধাৰ সন্দৰ্ভত অৱগত কৰে ।

কংগনাই কয় “মই বহু সৌভাগ্যশালী ৷ কাৰণ ৰাজ্যপালে নিজৰ কন্যাৰ নিচিনাকৈ সকলো কথা শুনিছে আৰু মই আশা কৰিম মই ন্যায় পাম ।” আনহাতে কংগনাৰ কাৰ্যালয়টো উচ্ছেদ কৰাৰ কাৰণে কংগনাৰ প্ৰায় ২কোটি টকা লোকচান হৈছে ৷ কংগনাই এই কাৰ্যালয়টো নিৰ্মাণ কৰিবলৈ ব্যয় কৰিছিল ৪৮ কোটি টকা ৷

অভিনেত্ৰীগৰাকীয়ে ১০ ছেপ্টেম্বৰত কৈছিল “মই জানুৱাৰীত কাৰ্যালয়টো মুকলি কৰিছিলো । ইয়াৰ পাছতেই কৰ’না মহামাৰীয়ে আতংকৰ সৃষ্টি কৰে ।ময়ো কাম বন্ধ কৰি দিলো ৷ মোৰ ওচৰত এইটো কাৰ্যালয় পুনৰ নিৰ্মাণ কৰিবলৈ টকা নাই । মই এইটো কাৰ্যালয়তে কাম কৰিম ৷ আৰু কাৰ্যালয়টো এনেকৈয়ে ৰাখিম ৷”

Exit mobile version