ইউপিপিএলৰ পৰিষদ গঠন হ’লে বিটিচিত বিগত সময়ত অগাধ দুৰ্নীতি সংঘটিত কৰা বিপিএফৰ মুৰব্বীক জেলত পঠাব – ৰঞ্জিত বসুমতাৰী

WhatsApp Image 2020 09 18 at 8.54.00 PM

ক’ভিড-১৯ৰ বাবে অনিৰ্দিষ্ট কালৰ বাবে বিটিচিৰ পৰিষদীয় নিৰ্বাচন পিছুৱাই থাকিলেও ৰাজনৈতিক দল সমূহে ক’ভিডৰ এই সময়তো অহৰ্নিশে চলাই গৈছে নিজ নিজ দলৰ নিৰ্বাচনী প্ৰচাৰ । আজি চিৰাং জিলাৰ ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাজদহা পুথিভড়ালৰ সন্মুখত ইউ পি পি এল দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।

সভাত উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় সম্পাদক ফনিন বড়োয়ে কয় যে ১৯নং থুৰিবাৰী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থীক ৭ হাজাৰ বড়ো ভোটেৰে জয় হোৱাটো নিশ্চিত হৈ পৰিছে । গতিকে আজিৰে পৰা ফটকা ফুটাই বিজয় উৎসৱ পালন কৰিব পাৰে ৰাইজে ।

সভাত উপস্থিত থকা ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী (বি আৰ ফেৰেঙ্গা এন ডি এফ বি (ছা)ৰ সম্পাদক)য়ে সভাত কয় যে বিটিচিত বিগত সময়ছোৱাত অবাধ দুৰ্নীতি সংঘটিত কৰিছে বিপিএফ চৰকাৰে। বিটিচিত এইবাৰ ইউ পি পি এল দলৰ চৰকাৰ আহিলে হাগ্ৰামা মহিলাৰী জেলত যাব লাগিব গতিকে সেয়ে নিজৰ দল বিপিএফক জয়ী কৰোৱাৰ উদ্দেশ্যেৰে হাগ্ৰামা মহিলাৰীয়ে বহু কথাই কৈ আছে ।

বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টীৰ মিত্ৰতা প্ৰায় চূড়ান্ত পৰ্যায়ত বুলিও কয় বসুমতাৰীয়ে । ১৭ নং সুবাইঝাৰ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী গুণেশ্বৰ গয়াৰীৰ লগতে সভাত উপস্থিত থাকে ইউ পি পি এল দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মইনুল হক আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়ো খুহুতীয়া অভিনেতা তথা ইউপিপিএল দলৰ সম্পাদক ফোইলা জে বৰগয়াৰী । ইউ পি পি এল দলৰ মহিলা কোষৰ সভানেত্ৰী বিনা গয়াৰীয়ো সভাত উপস্থিত থাকি নিজৰ দলীয় প্ৰাৰ্থী আবু ছায়েদ আনছাৰীৰ হৈ প্ৰচাৰ চলায়।

Exit mobile version